ডিজিটেল ডেস্ক : প্রায় দুবছৰ স্থগিত ৰখাৰ পাছত ভাৰতে বাংলাদেশৰ জনতাৰ বাবে পুনৰ মুকলি কৰিছে পৰ্যটক ভিছা। বাংলাদেশৰ ভাৰতীয় উচ্চাযুক্ত দীনেশ ত্রিবেদীয়ে এই কথা ঘোষণা কৰিছে। চুবৰীয়া দেশখনত নতুনকৈ নিযুক্তি লাভ কৰা ত্রিবেদীয়ে ঢাকাস্থিত ভাৰতীয় ভিছা আৱেদন কেন্দ্ৰ পৰিদৰ্শনৰ সময়ত এই কথা ৰাজহুৱা কৰে। দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ লক্ষ্যৰেই ভাৰত চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিছে।
উল্লেখযোগ্য যে ২০২৪ চনৰ আগষ্টত বাংলাদেশত হোৱা ৰাজনৈতিক অস্থিৰতা আৰু প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা চৰকাৰ গাদীচ্যুত হোৱাৰ পাছতে ভাৰতে বাংলাদেশী লোকৰ বাবে থকা পৰ্যটক ভিছা স্থগিত ৰাখিছিল।
২৮ জুনৰ পৰা ঢাকাকে ধৰি দেশখনৰ পাঁচটা ভিছা কেন্দ্রত পর্যটক ভিছাৰ বাবে আৱেদন কৰিব পাৰিব। উল্লেখযোগ্য যে বাংলাদেশত নৱনিযুক্ত ভাৰতীয় উচ্চাযুক্ত দীনেশ ত্রিবেদীক কেন্দ্ৰীয় চৰকাৰে কেবিনেট পৰ্যায়ৰ মৰ্যাদা প্রদান কৰিছে।