ডিজিটেল ডেস্ক : ঋণ নল'লে নচলা হৈছে ৰাজ্য। যোৱা ১৬ জুনত এক হাজাৰ কোটি টকাৰ ঋণ লোৱা ৰাজ্য চৰকাৰখনে পুনৰ অহা ৩০ জুনত এক হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগে এই ঋণ গ্রহণৰ বাবে ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে।
মন কৰিবলগীয়া কথা যে যোৱাবাৰ মে'ত ড° হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ পাছতেই মে' মাহতে ৰাজ্য চৰকাৰখনে ১৭৫০ কোটি টকাৰ ঋণ লৈছিল। ইয়াৰ পাছত চলিত মাহত এই ঋণৰ পৰিমাণ আৰু বৃদ্ধি পাইছে। বিৰোধী পক্ষই ঋণৰ ধনেৰে ইখনৰ পাছত সিখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে যদিও চৰকাৰে এই অভিযোগ মানি ল'ব বিচৰা নাই। বিশেষকৈ মুখ্যমন্ত্রী হিচাপে ড° শৰ্মাই ৰাজ্য চলোৱাৰ পাছৰেই পৰাই ঋণৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। তথ্য অনুসৰি, স্বাধীনতাৰ পাছত ২০১৬ চনলৈকে অসমৰ সৰ্বমুঠ ঋণ আছিল প্রায় ৪১,৯৬৪ কোটি টকা। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ৫ বছৰত মুঠ ঋণৰ পৰিমাণ হৈছিল প্ৰায় ৪৭,৭৪৫ কোটি টকা। কিন্তু এতিয়া এই পৰিমাণ দুই লাখ কোটি টকাও অতিক্ৰম কৰিছে।
প্রণিধানযোগ্য যে বিগত দহ বছৰত অসমৰ ঋণৰ পৰিমাণ ৩৪১ শতাংশ বৃদ্ধি পায়। ২০১৪-১৫ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সময়ছোৱা সামৰি ভাৰতৰ মহা হিচাপ পৰীক্ষক আৰু নিয়ন্ত্রক (কেগ)-এ প্রকাশ কৰা শেহতীয়া প্রতিবেদনত এই তথ্য প্রকাশ পাইছে। প্রতিবেদন অনুসৰি, এই একে সময়ছোৱাত দেশৰ সকলো ৰাজ্যৰ ঋণৰ গড় বৃদ্ধি হৈছে ১৯০ শতাংশ। প্রতিবেদনত অসমত অভ্যন্তৰীণ ঋণ বৃদ্ধিকো বিশেষভাৱে উদ্বেগজনক বুলি উল্লেখ কৰা হৈছে। ৰাজ্যসমূহৰ ঋণৰ মূল উৎস হিচাপে গণ্য কৰা অভ্যন্তৰীণ ঋণ দেশজুৰি ২০৫ শতাংশ বৃদ্ধি পালেও অসমত এই বৃদ্ধিৰ হাৰ ৪১৫ শতাংশ, যি দেশৰ ভিতৰত সৰ্বাধিক। কেৱল অভ্যন্তৰীণ ঋণেই নহয়, কেন্দ্ৰীয় চৰকাৰৰ পৰা ঋণ গ্ৰহণৰ ক্ষেত্ৰতো অসম শীৰ্য ৰাজ্যসমূহৰ ভিতৰত আছে। এই তালিকাত অসমৰ স্থান দেশৰ ভিতৰত ষষ্ঠ।
ইফালে, ২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ ১৪খন ৰাজ্যত ৰাজহ ব্যয়তকৈ ৰাজহ আয় কম হোৱাৰ ফলত ৰাজহ ঘাটিৰ সৃষ্টি হৈছে। এই তালিকাত অসমো অন্তর্ভুক্ত হৈছে। এনে পৰিস্থিতিত ঋণ বৃদ্ধি, ৰাজহ ঘাটি আৰু ঋণ নিৰ্ভৰ ব্যয় ব্যৱস্থাপনাই অনাগত দিনত ৰাজ্যৰ অৰ্থনীতিত জটিল সমস্যাৰ সৃষ্টি কৰাৰ পূৰ্ণ আশংকা আছে। কিন্তু ইয়াৰ পাছতো ঋণ লৈ হ'লেও ঘিউ খোৱা নীতি লোৱা ৰাজ্য চৰকাৰখনে প্রতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা অব্যাহত ৰাখিছে।