এগৰাকী ভিক্ষাৰী মহিলাই মন্দিৰলৈ দান কৰিলে ১.৮৩ লাখ টকা

Rashmi August 13, 2025

ডিজিটেল ডেস্কঃ এগৰাকী ভিক্ষাৰীৰ মহানতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ভিক্ষাৰীগৰাকীয়ে এটকা, দুটকাকৈ সাঁচি ৬ বছৰত জমা কৰিছিল ১.৮৩ লাখ টকা।  যোৱা ছবছৰত তেওঁ সংগ্ৰহ কৰা দান-বৰঙনিৰ পৰাই এই ধন সম্পূৰ্ণৰূপে জমা হৈছিল। এই সমগ্ৰ ধনৰাশি ভিক্ষাৰীগৰাকীয়ে অঞ্জনেয়াস্বামী মন্দিৰলৈ দান কৰে। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বিজনগেৰা গাঁৱত। ৰংগম্মা নামৰ ভিক্ষাৰীগৰাকীক তেওঁৰ এই অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়। মূলত: অন্ধ্ৰ প্ৰদেশৰ ৰংগম্মাই বিগত ৩৫ বছৰ ধৰি কৰ্ণাটকৰ বিজনগেৰাত বাস কৰি আহিছে।
 

তেওঁ সম্পূৰ্ণৰূপে ভিক্ষাৰ জৰিয়তে নিজকে পোহপাল দি আহিছে। যোৱা ছবছৰ ধৰি ৰংগম্মাই সংগ্ৰহ কৰা সকলো দান-বৰঙনি তিনিটা বেগত নিখুঁতভাৱে থূপ খোৱাই থৈছিল। গাঁৱৰ মানুহক ৰংগম্মাই কয় যে তেওঁ সেই সকলো ধন মন্দিৰলৈ দান কৰাৰ মনস্থ কৰিছে। ইয়াৰ পিছত তেওঁ গাঁৱৰ বয়োজ্যেষ্ঠ কেইজনমানক মাতি আনি বেগ তিনিটাৰ ভিতৰত থকা টকাখিনি গণনা কৰিবলৈ ক'লে। ২০জনতকৈ অধিক গাঁওবাসীয়ে প্ৰায় ছয় ঘণ্টা ধৰি কষ্ট কৰি চূড়ান্ত পৰিসংখ্যাটো উলিয়াই আনিলে: ১.৮৩ লাখ টকা।
উল্লেখ্য যে  আৰ্দ্ৰতাৰ বাবে ৬ হাজাৰ টকাৰ মুদ্ৰাৰ নোটৰ ক্ষতিসাধন হয়।

অঞ্জনেয়াস্বামী মন্দিৰ সেৱা সমিতিৰ সম্পাদক বাসৱৰাজ যাদৱে কয়, ''ৰংগম্মাৰ ইচ্ছা অনুসৰি আমি সেই ধন মন্দিৰৰ সংস্কাৰৰ বাবে ব্যৱহাৰ কৰিছোঁ।'' নিজৰ নাথাকিও ইমানখিনি টকা এক মহৎ উদ্দেশ্যত দান কৰা বাবে সকলোৱে ৰংগম্মাৰ বিশাল মনটোৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This