বাংলাদেশত পদ্মা নদীত বাগৰি পৰি ডুব গ’ল বাছ; ২৫জনৰ মৃতদেহ উদ্ধাৰ, ৮ সন্ধানহীন

Rashmi March 26, 2026

ডিজিটেল ডেস্কঃ বাংলাদেশৰ ৰাজবাৰী জিলাত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ পদ্মা নদীত বাগৰি পৰি সম্পূৰ্ণৰূপে পানীত ডুব যায়। এতিয়ালৈকে ২৫জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছে। কেইবাজনো লোক আহত হৈছে আৰু এতিয়াও নিৰুদ্দেশ হৈ আছে কেইবাজনো যাত্ৰী।  জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে ৮জন লোকক। ৮জন যাত্ৰী নদীৰ বুকুত সন্ধানহীন হৈ আছে। ৰাজবাৰীৰ পৰা ঢাকা অভিমুখী বাছখনে ৪০জন যাত্ৰী কঢ়িয়াই আনিছিল। 

দৌলাতদিয়া ফেৰী টাৰ্মিনেল নং ৩ৰ সন্মুখত বাছখন ফেৰীত উঠিবলৈ চেষ্টা কৰি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পদ্মা নদীত বাগৰি পৰে আৰু চকুৰ নিমিষতে বাছখন পানীত ডুব যায়।  প্ৰায় ৬০ ফুট গভীৰতাত ডুব যায় বাছখন।

অগ্নিনিৰ্বাপক বাহিনী, নৌসেনা, আৰক্ষী আৰু অন্যান্য দলৰ সহযোগত উদ্ধাৰ অভিযান চলি আছে। উদ্ধাৰ জাহাজ হামজাই ছয় ঘণ্টাৰ অন্তত পানীৰ পৰা টানি লৈ যায় ডুব যোৱা বাছখন। ক্ৰেনৰ সহায়ত গোটেই বাছখন বাহিৰলৈ উলিয়াই অনা হয়। এজন যাত্ৰীয়ে কয় যে তেওঁ সাঁতুৰি পাৰলৈ আহিল যদিও তেওঁৰ পত্নী আৰু পুত্ৰ চকুৰ সন্মুখতে ডুব যায় আৰু এজন যাত্ৰীও সাঁতুৰি নিৰাপদ স্থানলৈ গৈছিল যদিও পত্নী আৰু পুত্ৰ এতিয়াও সন্ধানহীন হৈ আছে।

পদ্মা নদীৰ পাৰত এতিয়া কান্দি কান্দি ভিৰ কৰিছে পৰিয়াল তথা আত্মীয়ই। নিজৰ আপোনজনক জীৱিত অৱস্থাত পোৱাৰ আশাত বন্দী হৈ আছে তেওঁলোক।

এই শিহৰণকাৰী দুৰ্ঘটনাই চকু সেমেকাই তুলিছে সকলোৰে। মৃতকসকলৰ ভিতৰত কেইবাটাও শিশুও আছে।






প্ৰাগ নিউজ ডিজিটেল

Share This