ডিজিটেল ডেস্ক: অসমৰ গ্ৰাম্য অর্থনীতি বিকাশত ৰাজ্যখনত দুই লক্ষাধিক ক্ষুদ্র চাহ খেতিয়কে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে। বৃহৎ চাহ বাগিচা আৰু বটলিফ ফেক্টৰীৰ হাতোৰাত বন্দী ক্ষুদ্র চাহ খেতিয়কসকল এতিয়া সীমাহীন সমস্যাৰে ভাৰাক্ৰান্ত। ৰাজ্যখনৰ চাহ উৎপাদনৰ ৫২ শতাংশ অৰিহণা আগবঢ়াই অহা এইসকল চাহ খেতিয়কে দৈনিক অশেষ কষ্ট কৰাৰ ফলত ৰাজ্যৰ অৰ্থনীতি সবল কৰাৰ লগতে এই উদ্যোগটোৰ লগত পৰোক্ষভাৱে প্রায় পাঁচ লক্ষাধিক লোক সংস্থাপিত হৈ আহিছে। কেঁচা পাতৰ নিম্নগামী দৰ আৰু একাংশ বৃহৎ চাহ বাগিচা আৰু বটলিফ ফেক্টৰীৰ একচেটিয়া মনোভাবৰ ফলতে প্রতিবছৰে সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে ক্ষুদ্র চাহ খেতিয়কসকল। চলিত বছৰতো একাংশ বটলিফ ফেক্টৰীয়ে ক্ষুদ্র চাহ খেতিয়কসকলক কেঁচাপাতৰ দাম ১৯ৰ পৰা ২২ টকা কৰিছে। ক্ষুদ্র চাহ খেতিয়কসকলৰ তৰফৰ পৰা জানিব পৰা মতে, যোৰহাটতে ৪২টা বটলিফ ফেক্টৰী আছে। ইয়াৰে তিনি, চাৰিটা ফেক্টৰীয়ে উৎকৃষ্ট মানৰ পাত গ্ৰহণ কৰি ৩৫ৰ পৰা ৪০ টকা পর্যন্ত দাম দিয়ে। অন্য বহু বটলিফ ফেক্টৰীয়ে কম মূল্যত কেঁচাপাত ক্ৰয় কৰাত খেতিয়কসকলৰ বাবে বৃহৎ প্রত্যাহ্বান হৈ পৰিছে। প্ৰতিবছৰে উজনি অসমত কেঁচাপাতৰ দাম নিম্নগামী হোৱাৰ বাবে হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ অৱস্থা শোচনীয় হৈ পৰিছে।
লক্ষণীয় যে বটলিফ ফেক্টৰীসমূহে দাম নির্ধাৰণ কৰাত ক্ষুদ্ৰ চাহ খেতিয়কসকল প্ৰতিবছৰে অসুবিধাৰ সন্মুখীন হৈ অহাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাই ৰাজ্যখনত নিজাববীয়াকৈ বটলিফ ফেক্টৰীৰ নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।
উল্লেখযোগ্য যে ২০০৯ চনৰ পৰা ২০১৬ চনলৈকে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৰাজ্য চৰকাৰক উপকৰ দি আহিছিল। তদানীন্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ দিনতে ক্ষুদ্র চাহ খেতিয়কসকলৰ পৰা প্ৰতি কেজি কেঁচাপাতত ২৫ পইচাকৈ চৰকাৰে উপকৰ গ্ৰহণ কৰি বিত্ত বিভাগত ক্ষুদ্র চাহ খেতিয়কৰ নামত ৰাখিছিল। এই ধনৰাশিৰ সমানে চৰকাৰেও বহন কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে উন্নয়নমূলক আঁচনি গ্রহণ কৰাৰ পৰিকল্পনা গ্রহণ কৰিছিল। সেইদৰে ২০১৬ চনলৈকে এই উপকৰৰ পৰিমাণ প্রায় তিনিশ কোটি টকা সংগ্রহ হৈছিল। ক্ষুদ্র চাহ খেতিয়কসকলক প্রশিক্ষণ দিয়াৰ পৰা টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ নামতো এই উপকৰৰ পৰা সংগৃহীত একাংশ ধন খৰচ হয়।
বর্তমান এতিয়াও ৰাজ্য চৰকাৰৰ নিৰ্দিষ্ট হেডত ১৮৩ কোটি টকা সংগৃহীত হৈ আছে। সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ ৰাজ্যিক সভাপতি ৰাজেন বৰাই জনোৱা মতে, ক্ষুদ্র চাহ খেতিয়কসকলৰ পৰা সংগৃহীত এই ধনৰাশিৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলক নিজাববীয়াকৈ মিনি ফেক্টৰী নিৰ্মাণৰ বাবে ৭০ শতাংশ ৰাজসাহায্যৰে প্ৰকল্প তৈয়াৰ কৰি ২০২৩ চনতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰা হ'ল যদিও যোৱা তিনিবছৰে চৰকাৰৰ তৰফৰ পৰা এই ক্ষেত্ৰত কোনোধৰণৰ অগ্রগতি নহ'ল। উদ্যোগ বিভাগৰ কমিছনাৰ ছেক্ৰেটৰীক চেয়াৰেমন আৰু টী ডাইৰেক্টৰক মেম্বাৰ সচিব হিচাপে লৈ গঠন হোৱা উপকৰ ব্যাৱহাৰিক সমিতিয়ে ৰাজসাহায্যমূলক ক্ষুদ্র চাহ ফেক্টৰী নিৰ্মাণ কৰা, খেতিয়কক কৃষি সঁজুলি প্রদান, চাহপাত কঢ়িওৱা বাহন ক্রয় কৰা আদি বহুকেইটা আঁচনিৰে প্ৰজেক্ট তৈয়াৰ কৰি উদ্যোগ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীক অর্পণ কৰে।
সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাই কেইবাবাৰো মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি বিষয়টো উত্থাপন কৰাৰ পাছতো যোৱা তিনিবছৰত কোনোধৰণৰ অগ্রগতি নহ'ল। ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ ৰাজ্যিক সভাপতি ৰাজেন বৰাই জনাই যে বটলিফ ফেক্টৰীসমূহৰ আওতাৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কসকল ওলাই আহিবলৈ হ'লে তেওঁলোকৰ নিজাববীয়া মিনি ফেক্টৰীৰ প্ৰয়োজন হ'ব। সেয়েহে এই উপকৰৰ ধনেৰে ৰাজ্যসাহায্য প্রদান কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত জিলা ভিত্তিক ফেক্টৰী নিৰ্মাণ কৰিলে কেঁচাপাতৰ দৰৰ সমস্যা বহুলাংশে সমাধান হ'ব। সেয়েহে ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বৃহত্তৰ স্বাৰ্থত আঁচনিখন গ্রহণ কৰিবলৈ আহ্বান জনাইছে।