ডিজিটেল ডেস্কঃ ভাৰতৰ কৃষক তথা গাঁৱত বাস কৰা লোকসকলৰ আয় তথা জীৱিকাৰ প্ৰধান ভাৰসা হ'ল পশুপালন আৰু কৃষি। গ্ৰামাঞ্চলত প্ৰজন্মৰ পাছত প্রজন্ম এই দুয়ো কাৰ্য কৰি আহিছে। কিন্তু সময়ৰ পৰিৱৰ্তন, তথ্য-প্ৰযুক্তিৰ উন্নতি আৰু চাকৰিৰ নতুন নতুন সুযোগে কৃষি আৰু পশুপালন কৰি জীৱন পালন কৰা লোকৰ সংখ্যা কমাই আনিছে। তাৰ মাজতো কিছুসংখ্যক লোকে নিজৰ পৰম্পৰা অব্যাহত ৰাখি আহিছে। ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৫০ কিল'মিটাৰ নিলগৰ অভয়পুৰা গাঁৱত তেনে এটা পৰিয়াল আছে। এই পৰিয়ালটোৱে পূৰ্বৰ পৰম্পৰা অব্যাহত ৰাখি যোৱা ৫০ বছৰে গোপালন কৰি আহিছে। পৰিয়ালটোৰ ৮৫ বছৰীয়া মাংগীৰাম নাথে এতিয়াও গৰুৰ সৈতে জড়িত সকলো কাম নিজে কৰে। মংগীৰামে প্রকাশ কৰা মতে, তেওঁৰ পিতৃয়েও '৯০ বছৰ বয়সলৈকে গোপালন কৰি আহিছে। এতিয়া তেওঁৰ পৰিয়ালৰ তৃতীয় প্রজন্মই, অর্থাৎ নাতি পাপ্পু নাথেও নিষ্ঠাৰে সৈতে গোপালনত ব্যস্ত হৈ পৰিছে। তেওঁৰ বয়স এতিয়া ৪০ বছৰ হৈছে। পৰিয়ালটোৰ এতিয়া ৩০জনী গাই আছে। পুৱা ৯ বজাত গাইবিলাক চৰাবলৈ নিয়ে আৰু সন্ধিয়া ঘৰলৈ উভতে। পৰিয়ালটোৱে গৰুৰ গাখীৰ বিক্ৰী কৰি চলি আহিছে। ই য়াৰ লগতে অৱশ্যে খেতি-বাতিও কৰে। পৰিয়ালটোৰ কোনো সদস্যই আজিলৈকে চাকৰি কৰা নাই। মাংগীৰামে জনোৱা মতে, তেওঁলোকে বাটে-পথে পৰি থকা আঘাত পোৱা বা বুঢ়া হৈ পৰা গৰুকো প্ৰতিপালন কৰে। তেনে ক্ষেত্ৰত তেওঁলোক - নিজৰ-পৰৰ কথা বিবেচনা নকৰে। বেমাৰী বা ৰুগীয়া গৰুৰ চিকিৎসাও কৰোৱায়৷ পৰিয়ালটোৱে দৈনিক ৭০ লিটাৰ গাখীৰ লাভ কৰে। এই গাখীৰ বিক্ৰী কৰে।