বিয়াৰ দহ দিন পূৰ্বে কাঢ়ি নিলে নিয়তিয়ে : কন্যাৰ বিয়াৰ কাৰ্ড বিতৰণ কৰিবলৈ গৈ পথ দুৰ্ঘটনাত পিতৃৰ কৰুণ মৃত্যু

Rashmi April 04, 2026

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশত এক অতি হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। যিটো ঘৰত ১০ এপ্ৰিলত বিয়াৰ সানাই বাজিব লাগিছিল, এতিয়া সেই ঘৰত শোকৰ ছাঁ পৰিছে। এগৰাকী কন্যাৰ বিয়াৰ প্ৰস্তুতিৰ মাজতে পথ দুৰ্ঘটনাত পিতৃৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ জোৱাৰ তুলিছে।

ঘটনাৰ বিৱৰণী অনুসৰি, মধ্য প্ৰদেশৰ এই পৰিয়ালটোত কন্যাৰ বিয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছিল। মঙলবাৰে বিয়লি পিতৃগৰাকীয়ে মটৰচাইকেলেৰে আত্মীয়-স্বজনৰ ঘৰত বিয়াৰ নিমন্ত্ৰণী পত্ৰ বিতৰণ কৰিবলৈ ওলাই গৈছিল। তেনে সময়তে বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী বাহনে তেওঁক  খুন্দা মাৰে।

দুৰ্ঘটনাৰ পাছত স্থানীয় লোকে তেওঁক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। তেওঁৰ অৱস্থা সংকটজনক আছিল আৰু চিকিৎসকে যথেষ্ট চেষ্টা কৰিছিল যদিও দুৰ্ভাগ্যবশত: চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

১০ এপ্ৰিলত যিগৰাকী কন্যাক পিতৃয়ে সজাই-পৰাই উলিয়াই দিব লাগিছিল, সেইগৰাকী কন্যাৰ বিবাহৰ পূৰ্বেই পিতৃৰ বিয়োগে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। বিয়াৰ আনন্দৰ মাজত পৰিয়ালটোৰ মূৰত যেন সৰগ ভাঙি পৰিছে। আৰক্ষীয়ে বাহনখন জব্দ কৰি ঘটনাটোৰ অধিক তদন্ত চলাই আছে।





উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This