৫ বছৰত সীমা বিবাদৰ স্থায়ী সমাধানৰ লক্ষ্যৰে লোকসেৱা ভৱনত উচ্চস্তৰীয় বৈঠক

dainik janambhumi May 30, 2026

ডিজিটেল ডেস্ক: চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা সমস্যা সমাধানত সর্বাধিক গুৰুত্ব দিছে অসম চৰকাৰে। মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব লোৱাৰ পাছতেই ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ সীমা সমস্যা সমাধানৰ বাবে চুবুৰীয়া ৰাজ্যৰ সৈতে আলাপ-আলোচনা আৰম্ভ কৰিছে। 

মুখ্যমন্ত্রী হিচাপে প্রথমটো কাৰ্যাকালত মেঘালয় আৰু অৰুণাচলৰ সৈতে দীর্ঘদিনীয়া সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁ এটা ঢাপ আগবাঢ়িবলৈ সক্ষম হৈছিল যদিও সমস্যাটোৰ স্থায়ী সমাধান হোৱা নাছিল। সেয়েহে অনাগত পাঁচ বছৰত দুয়োখন ৰাজ্যৰে সৈতে থকা এই সমস্যাটো স্থায়ীভাৱে সমাধান কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত কালি গুৱাহাটীত লোকসেৱা ভৱনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উপ-মুখ্যমন্ত্রী স্নিয়াওভালাং ধৰৰ নেতৃত্বত অহা এটি উচ্চস্তৰীয় প্রতিনিধি দলৰ সৈতে মুখ্যমন্ত্ৰীগৰাকী এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। 

বৈঠকত অসম-মেঘালয়ৰ সীমা সমস্যাকে ধৰি বিভিন্ন আন্তঃৰাজ্যিক বিষয়ত আলোচনা কৰা হয়। পাৰস্পৰিক সন্মান, বন্ধুত্বপূর্ণ আৰু সহযোগিতামূলক মনোভাবেৰে সমস্যাসমূহৰ সমাধানৰ দিশত দুয়োপক্ষই বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। বিশেষকৈ এতিয়া সমস্যা সমাধান নোহোৱা বিবদমান ছয়টা এলেকাৰ সীমা সমস্যা কিদৰে সমাধান কৰিব পৰা যায়, সেই সন্দৰ্ভত কালিৰ বৈঠকত এক ৰোডমেপ প্ৰস্তুত কৰা হয়। স্থবিৰ হৈ থকা আলোচনা প্রক্রিয়া পুনৰ আৰম্ভ কৰাৰ লগতে স্থানীয় লোকৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লোৱা হয়। 

বৈঠকৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'আজিৰ বৈঠকত অসম-মেঘালয় সীমান্ত বিষয়কে ধৰি বিভিন্ন আন্তঃৰাজ্যিক প্ৰসংগত এক গঠনমূলক আলোচনা কৰা হয়। এই আলোচনাত বহুদিনীয়া কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত ইতিবাচক অগ্রগতি আৰু সীমান্ত নির্ধাৰণ প্ৰক্ৰিয়াক অধিক ত্বৰান্বিত কৰি এই সমস্যাৰ এক স্থায়ী সমাধানৰ দিশে আগবাঢ়িবলৈ আমি একমত হওঁ। 'এক ভাৰত, শ্রেষ্ঠ ভাৰত'ৰ চেতনাৰে অসম আৰু মেঘালয়ে বিভিন্ন ক্ষেত্রত সহযোগিতা বৃদ্ধি কৰাৰ লগতে অষ্টলক্ষ্মী অঞ্চলৰ বিকাশ অধিক ত্বৰান্বিত কৰিব পৰা নতুন সম্ভাৱনাসমূহো অন্বেষণ কৰি আছে।' মুখ্যমন্ত্ৰীগৰাকীৰ মতে, 'এই আলোচনা দুয়োখন চুবুৰীয়া ৰাজ্যৰ মাজত শান্তি, পাৰস্পৰিক সন্মান আৰু সহযোগিতামূলক ব্যৱস্থাৰ প্ৰতি থকা দৃঢ় অংগীকাৰৰ প্ৰতিফলন। এই ধাৰা অব্যাহত ৰাখি সকলো অমীমাংসিত বিষয় আলোচনাৰ জৰিয়তে সমাধানৰ বাবে আমি পুনৰ দৃঢ় সংকল্প গ্রহণ কৰোঁ।' 

উল্লেখযোগ্য যে মেঘালয় আৰু অৰুণাচলৰ সৈতে অসমৰ সীমা সমস্যা বহু পুৰণি। এই বিবাদসমূহৰ ফলত সীমান্তৱর্তী অঞ্চলসমূহত উত্তেজনা, ভূমি অধিকাৰক লৈ সংঘাত, উন্নয়নৰ বাধা আৰু প্ৰশাসনিক বিভ্রান্তিৰ সৃষ্টি হৈ আহিছে। প্ৰথমবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈয়ে ড° হিমন্ত বিশ্ব শৰ্মাই দুয়োখন ৰাজ্যৰে সৈতে সীমা সমস্যা সমাধানৰ বাবে পৃথকে পৃথকে একোগৰাকী মন্ত্ৰীৰ নেতৃত্বত আঞ্চলিক সমিতি গঠন কৰিছিল। সেই অনুসৰি মেঘালয়ৰ সৈতে থকা বিবদমান ১২টা অঞ্চল চিনাক্ত কৰি সমিতিসমূহে স্থানীয় লোকসকলৰ মতামত, ভূমিৰ নথি, ঐতিহাসিক তথ্য, ভাষা, জনগোষ্ঠীগত সম্পর্ক আৰু প্ৰশাসনিক সুবিধাক ভিত্তি কৰি আলোচনা আৰম্ভকৰে। 

প্ৰথম পৰ্যায়ত ছয়টা অঞ্চলৰ সমস্যা সমাধান হোৱাত ২০২২ চনৰ ২৯ মাৰ্চত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত অসমে মেঘালয়ৰ সৈতে সীমা চুক্তি স্বাক্ষৰ কৰে। কিন্তু মেঘালয়ৰ সৈতে এতিয়াও ছয়টা অঞ্চলৰ সীমা সমস্যা সমাধান হোৱা নাই। একেদৰে অৰুণাচলৰ সৈতে ১২৩খন গাঁৱক লৈ বিবাদ চলি আছিল। ২০২২ চনত দুয়োখন ৰাজ্যই সীমান্তৰ বিভিন্ন অংশৰ বাবে আঞ্চলিক সমিতি গঠন কৰে। সমিতিসমূহে টিৰাপ, চাংলাং, নামচাই, পাকে-কেছাং, কুৰুং কুমে আদি সীমান্ত এলেকা পৰিদৰ্শন কৰি স্থানীয় লোকসকলৰ মত সংগ্ৰহ কৰি ২০২৩ চনৰ ২০ এপ্ৰিলত নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্ৰীৰ উপস্থিতিত সীমা চুক্তি স্বাক্ষৰ কৰে। 

চুক্তি অনুসৰি ১২৩খন বিবদমান গাঁৱৰ ভিতৰত ৭১খন গাঁৱৰ সমস্যা সম্পূৰ্ণৰূপে সমাধান হয়। কিন্তু বাকী বিবদমান অঞ্চলত এতিয়াও সমস্যা অব্যাহত আছে। ইফালে, ড° শর্মাই দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হ'লে বাকী ৰৈ যোৱা অঞ্চলৰ সীমা সমস্যা সমাধান কৰা হ'ব বুলি নির্বাচনী প্রচাৰৰ সময়ত ঘোষণা কৰিছিল। এনে পৰিস্থিতিত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপত লোৱাৰ পাছত কালি ড° শর্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে পুনৰ সীমাক লৈ আলোচনা আৰম্ভ কৰা কাৰ্যই সীমান্তবাসীৰ মনত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।

Share This