ডি কে শিৱকুমাৰ হ'ব কৰ্ণাটকৰ নতুন মুখ্যমন্ত্রী! আজি কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক

dainik janambhumi May 30, 2026

ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী সিদ্ধাৰামায়াৰ পদত্যাগৰ পাছত শনিবাৰে কৰ্ণাটকত কংগ্ৰেছৰ বিধায়িনী দল বৈঠকত মিলিত হ'ব আৰু নতুন নেতা নিৰ্বাচন কৰিব। উপ-মুখ্যমন্ত্রী ডি কে শিৱকুমাৰ কংগ্ৰেছৰ বিধায়িনী দলৰ নতুন নেতা হিচাপে নির্বাচিত হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আনহাতে, হাইকমাণ্ডাৰ নিৰ্দেশনাৰ পাছত সদ্য পদত্যাগী মুখ্যমন্ত্রী সিদ্ধাৰামায়াই ইতিমধ্যে ঘোষণা কৰিছে যে শিৱকুমাৰ তেওঁৰ উত্তৰসূৰী হ'ব। 

উল্লেখযোগ্য যে বিদায়ী মুখ্যমন্ত্রী সিদ্ধাৰামায়াই শনিবাৰে বিয়লি ৪ বজাত বিধায়িনী দলৰ বৈঠকত অধ্যক্ষতা কৰিব। শুকুৰবাৰে এই বিষয়ত এখন অধিসূচনা জাৰি কৰে। ইফালে, কর্ণাটকত নতুন মন্ত্রীসভাক লৈ চিন্তা-চৰ্চা আৰম্ভ হৈছে। নতুন মন্ত্রীসভাত ৪গৰাকী উপ-মুখ্যমন্ত্ৰীৰ প্রস্তাৱ দিয়া হৈছে। বিদায়ী মুখ্যমন্ত্ৰীৰ পুত্ৰ য়থিন্দ্ৰক উপ-মুখ্যমন্ত্রী পাতিবলৈ যো-জা চলোৱা হৈছে। 

আনহাতে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুৰব্বী মল্লিকার্জুন খৰ্গেৰ পুত্ৰকো উপ-মুখ্যমন্ত্ৰীৰ পদ দিয়াৰ সম্ভাৱনা আছে। ইফালে, দিল্লীত সিদ্ধাৰামায়া, তেওঁৰ পুত্ৰ য়থিন্দ্ৰ আৰু উপ-মুখ্যমন্ত্রী শিৱকুমাৰে আজি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে নতুন মন্ত্রীসভাৰ বিষয়ত বিস্তৃতভাবে আলোচনা কৰে। এই সভাতেই সিদ্ধাৰামায়াই তেওঁৰ পুত্ৰক উপ-মুখ্যমন্ত্রী পতাৰ দাবী উত্থাপন কৰে।

Share This