ডিজিটেল ডেস্ক: ৰাজ্যৰ ৰেছনকার্ড থকা লোকসকলৰ বাবে দুঃখবৰ। অহা জুন মাহত ৰেছন কাৰ্ডৰ গৰাকীয়ে লাভ নকৰে দাইল, চেনি আৰু নিমখ। জানিব পৰা মতে, পূৰ্বৰ বাজেট অনুসৰি মে' মাহলৈকে চৰকাৰে দাইল, চেনি আৰু নিমখ প্ৰদানৰ বাবে ধন ধাৰ্য কৰিছিল। সেয়েহে এতিয়া নতুন বাজেট দাখিল কৰাৰ পাছতহে ৰেছন কার্ড থকাসকলক দাইল, চেনি আৰু নিমখ প্ৰদান কৰা হ'ব।
উল্লেখযোগ্য যে অসম চৰকাৰে চাউলৰ উপৰি মচুৰ দাইল প্রতি কিল'গ্ৰামত ৬০ টকা দৰত ১ কিল'গ্রাম, প্রতি কিল'গ্রামত ৩০ টকা দৰত ১ কিল'গ্রামকৈ চেনি আৰু প্ৰতি কিল'গ্রামত ১০ টকা দৰত ১ কিল'গ্রামকৈ নিমখ প্রদান কৰিছিল।
নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চাউলৰ উপৰি নতুনকৈ এই তিনিবিধ সামগ্ৰী ৰেহাই দামত বিতৰণ কৰাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল।