উঃ কোৰিয়াৰ ক্ষেপণাস্ত্ৰ-ইঞ্জিনৰ পৰীক্ষা

dainik janambhumi March 30, 2026

ডিজিটেল ডেস্ক : বিশ্বৰ ছুপাৰ পাৱাৰ ৰাষ্ট্ৰ আমেৰিকাৰ প্রতি তীব্র ভাবুকি কঢ়িয়াই উত্তৰ কোৰিয়াই দেওবাৰে এটা দীর্ঘ দূৰত্বভেদী ক্ষেপণাস্ত্ৰৰ ইঞ্জিনৰ সফল পৰীক্ষা কৰে। উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ প্ৰত্যক্ষ তত্ত্বাৱধানত পৰীক্ষা কৰা এই ক্ষেপণাস্ত্র ইঞ্জিনৰ জৰিয়তে আমেৰিকাৰ ভূভাগত আক্ৰমণ কৰিবলৈও সক্ষম হ'ব। এই দীর্ঘ দূৰত্বভেদী ক্ষেপণাস্ত্র ইঞ্জিনৰ সফল পৰীক্ষণে দেশখনৰ সামৰিক আৰু কৌশলগত প্রযুক্তিৰ শক্তিক আন এক স্তৰলৈ লৈ গ'ল। এই দীর্ঘ দূৰত্বৰ ক্ষেপণাস্ত্র ইঞ্জিনৰ পৰীক্ষণৰ জৰিয়তে কিম জং উনে আমেৰিকাৰ ভূমিত আঘাত হানিব পৰা ক্ষেপণাস্ত্ৰৰ ভঁৰাল বৃদ্ধি কৰা আৰু ইয়াৰ আধুনিকীকৰণ কৰাত গুৰুত্ব দিয়াটো স্পষ্ট হৈ পৰিছে।

কোৰিয়ান চেন্ট্রেল নিউজ এজেঞ্চিৰ (কে চি এন এ) তথ্য মতে আমেৰিকাৰ প্ৰতিৰক্ষাক তচনচ কৰি দিব পৰাকৈ এই শক্তিশালী ইঞ্জিনে এটা মিছাইলৰ জৰিয়তে আমেৰিকাৰ কেইবা স্থানতো আক্রমণ চলাব পাৰিব। উল্লেখযোগ্য যে কেইদিনমান পূর্বে উত্তৰ কোৰিয়াৰ সংসদত কিম জং উনে নিজ ৰাষ্ট্ৰখনক পাৰমাণবিক শক্তিসম্পন্ন ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰাৰ অংগীকাৰ কৰিছিল আৰু লগতে আমেৰিকাক গোলকীয় সন্ত্রাসবাদী বাষ্ট্র হিচাপে অভিহিত কৰিছিল। ইয়াৰ পাছতেই দেশখনে দীর্ঘ দূৰত্বভেদী ক্ষেপণাস্ত্র ইঞ্জিনৰ পৰীক্ষা সম্পন্ন কবে। এই ইঞ্জিনে উত্তৰ কোৰিয়াৰ আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰ পৰিবহণ কৰিব পাৰিব। উল্লেখযোগ্য যে উত্তৰ কোৰিয়াৰ বহুকেইবিধ আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্র আছে। ইয়াৰ ভিতৰত শেহতীয়া রাচং-২০ ক্ষেপণাস্ত্ৰই ১৫ হাজাৰ কিল'মিটাৰ দূৰত্বৰ লক্ষ্য ভেদ কৰিবলৈও সক্ষম।

এতিয়া এই ইঞ্জিনৰ পৰীক্ষাৰ পাছতে কিম জং উনে আমেৰিকাক আক্ৰমণৰ লক্ষ্য কৰি ল'ব পাৰে বুলিও আন্তঃৰাষ্ট্ৰীয় মহলত বিশেষ চর্চা চলিছে। উত্তৰ কোৰিয়া আৰু আমেৰিকাৰ মাজৰ আকাশী দূৰত্ব ৮,৪০০ৰ পৰা ১১ হাজাৰ কিল'মিটাৰ। এই দূৰত্ব অতিক্ৰম কৰি আমেৰিকাৰ ভূমিত আক্ৰমণ কৰিব পৰাকৈ উত্তৰ কোৰিয়াৰ আছে কেইবাটাও শক্তিশালী আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্র। বাচং-২০ৰ উপৰি কিম জং উনৰ অস্ত্ৰ ভাণ্ডাৰত আছে ১৩ হাজাৰ কিল মিটাৰ দূৰত্বভেদী বাচং ১৫, ১৫ হাজাৰ কিল'মিটাৰ দূৰত্বভেদী বাচং ১৭, ৱাচং ১৮ আদি। এতিয়া ক্ষেপণাস্ত্র ইঞ্জিনৰ পৰীক্ষাৰ পাছত আমেৰিকাৰ প্ৰতিও আহি পৰিছে ভাবুকি।

Share This