ডিজিটেল ডেস্ক: বাংলাদেশত বৃহস্পতিবাৰে হোৱা সংসদীয় নির্বাচনত তাৰিক ৰহমানৰ বাংলাদেশ নেশ্যনেলিষ্ট পার্টিয়ে (বি এন পি) বিপুল বিজয় সাব্যস্ত কৰে। বাংলাদেশৰ বাতৰিকাকত 'প্রথম আলো'ত প্রকাশ পোৱা মতে, তাৰিক ৰহমানৰ নেতৃত্বৰ বি এন পি মৰ্চাই সংসদৰ ২৯৯খন আসনৰ বাবে হোৱা নিৰ্বাচনত ২১২খন আসন জয়লাভ কৰে।
উল্লেখযোগ্য যে বাংলাদেশৰ সংসদত আসনৰ সংখ্যা হ'ল ৩০০খন আৰু এইবাৰ নিৰ্বাচন অনুষ্ঠিত হয় ২৯৯টা সমষ্টিত। এনে অৱস্থাত সংসদত সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ বাবে প্রয়োজন হয় ১৫০খন আসনৰ, কিন্তু বি এন পিয়ে ইয়াতকৈ অধিক আসনত জয়লাভ কৰি সংসদত নিজৰ নিয়ন্ত্রণ নিশ্চিত কৰে। ইফালে, এসময়ৰ বি এন পিৰ সহযোগী দল জামাত-ই-ইছলামীৰ নেতৃত্বাধীন ১১টা দলৰ মৰ্চাই মাত্র ৭৭খনহে আসন লাভ কৰে।
উল্লেখযোগ্য যে বি এন পিয়ে বাংলাদেশত প্রায় ২০ বছৰৰ পাছত চৰকাৰ গঠন কৰিব। দেশখনত ২০০৮-২০২৪ চনলৈ শেখ হাছিনাৰ আৱামী লীগ ক্ষমতাত আছিল। দেশখনত ত্রয়োদশ সংসদীয় নির্বাচনত বি এন পিয়ে জয়লাভ কৰাৰ পাছত ইয়াৰ নেতা তথা প্রাক্তন প্রধানমন্ত্রী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান প্রধানমন্ত্রী হোৱাটো নিশ্চিত হৈ পৰিছে। বাংলাদেশৰ একাংশ সংবাদ মাধ্যমে প্রকাশ কৰা মতে, তাৰিকে আজি শপত গ্ৰহণ কৰিব পাৰে। তাৰিকে নিৰ্বাচনত দুটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছিল আৰু দুয়োটাতে বিজয়ী হয়।
উল্লেখযোগ্য যে দেশখনত প্রায় ৩৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰা তাৰিক হ'ব প্রথমজন পুৰুষ নেতা। ইয়াৰ আগতে ১৯৮৮ চনত কাজী জাফৰ আহমেদ অন্তিমজন পুৰুষ প্ৰধানমন্ত্ৰী আছিল। আনহাতে দেশখনত দীর্ঘদিনৰ পাছত এইবাৰ নিৰ্বাচনত প্ৰথমবাৰলৈ আগশাৰীৰ কোনো এটা দলৰে শীর্ষ নেতৃত্বত মহিলা নাছিল। উল্লেখযোগ্য যে দেশখনত ১৯৯১-২০২৪ৰ সময়ছোৱাত খালেদা জিয়া আৰু শেখ হাছিনাই আধিপত্য বিস্তাৰ কৰিছিল আৰু প্ৰধানমন্ত্ৰীৰ পদ তেওঁলোকৰ হাততে আছিল। বি এন পিৰ মিডিয়া চেলে কয় যে সংখ্যাগৰিষ্ঠ সমষ্টিত জয়ী হোৱাৰ পাছত বি এন পিয়ে দেশখনত এতিয়া নতুন চৰকাৰ গঠনৰ বাবে প্ৰস্তুতি চলাইছে।
ইফালে, বাংলাদেশৰ নিৰ্বাচন আয়োগে সংসদীয় নিৰ্বাচনৰ ফল এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। অৱশ্যে দেশখনৰ নিৰ্বাচন আয়ুক্ত আব্দুৰ ৰহমান মাছুদে জনোৱা মতে, ২৯৭টা সমষ্টিৰ নিৰ্বাচনৰ ফলক লৈ অচিৰেই গেজেট জাননী প্রকাশ কৰা হ'ব। তেওঁ লগতে প্রকাশ কৰে যে কেইবাটাও সমষ্টিত নিৰ্বাচনৰ ফল ঘোষণাৰ প্ৰক্ৰিয়া চলি আছে। এই প্রক্রিয়া সম্পূর্ণ হোৱাৰ পাছতহে গেজেট জাননী প্রকাশ কৰা হ'ব। উল্লেখযোগ্য যে দেশখনত বি এন পি ইয়াৰ আগতে অন্তিমবাৰ ক্ষমতাত আছিল ২০০১-২০০৬ সময়ছোৱাত। ইফালে, নির্বাচনত ক্ষমতা দখলৰ আশা কৰা জামাতে নির্বাচনৰ ফল ঘোষণাত অস্বাভাৱিকভাৱে পলম হোৱাত তীব্র ক্ষোভ প্রকাশ কৰে।
জামাতে নিৰ্বাচনৰ ফল ঘোষণাত অনিময়ৰো আশংকা প্রকাশ কৰে আৰু কয় যে তেনে হ'লে দলটোৰ নেতৃত্বৰ মৰ্চাই কঠোৰ স্থিতি গ্ৰহণ কৰিব। জামাতৰ নেতৃত্বৰ ১১ দলীয় মৰ্চাৰ প্রধান সহযোগী দল নেশ্যনেল চিটিজেন পার্টিয়ে (এন চি পি) নিৰ্বাচনৰ ফলত অনিয়ম আৰু পৰিকল্পিতভাৱে জালিয়াতি কৰাৰ অভিযোগ কৰে। বাংলাদেশত ২০২৪ চনত হোৱা গণ আন্দোলন আৰু তাৰ পাছত শেখ হাছিনা চৰকাৰৰ পতনৰ পাছত ছাত্র নেতাসকলে এন চি পি গঠন কৰিছিল। দলটোৱে কৰা অভিযোগ মতে, ১১ দলীয় মৰ্চাৰ শীর্ষ নেতৃত্বই প্রতিদ্বন্দ্বিতা কৰা সমষ্টিসমূহক ফলাফল সলনি কৰাৰ বাবে মানসিক চাপ আৰু প্ৰশাসনিকভাৱে অসৎ উপায়ৰ আশ্রয় লোৱা বুলিও দলটোৱে অভিযোগ কৰে। এই অভিযোগ কৰে এন চি পিৰ মুখপাত্র তথা দেশখনৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ উপদেষ্টা আছিফ মহম্মদ শ্বজিব ভূঁইয়াই।
উল্লেখযোগ্য যে নির্বাচনত জয়ী হ'লে তাৰিক ৰহমান দেশখনৰ পৰৱৰ্তী প্রধানমন্ত্রী হ'ব বুলি বি এন পিয়ে ইতিমধ্যে ঘোষণা কৰিছিল।