ডিজিটেল ডেস্ক: ৰাজ্যৰ আঞ্চলিকতাবাদী ৰাজনীতিক অধিক গতিশীল আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে কালি অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে চামিল হ'ল জাতীয় দল অসম। দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ কনভেনশ্যন চেন্টাৰত হোৱা এই মিলন অনুষ্ঠানত সাংসদ অজিত কুমাৰ ভূঞাই অসম জাতীয় পৰিষদত চামিল হোৱাৰ মুহূৰ্তত আৱেগিকভাৱে বহু কথাই স্মৰণ কৰে।
গুপ্তহত্যাৰ ভয়ংকৰ দিনবোৰৰ কঠিন সময়েও আজি সাংসদজনক আমনি কৰে। তেওঁ আজি এক নতুন অধ্যায়ৰ সূচনা হোৱা বুলি দাবী কৰি কয় যে যি সময়ত বিজেপিৰ ষড়যন্ত্ৰত চাৰিওফালে ধ্বংসযজ্ঞ চলিছে, ভয়-ভাবুকিৰে ৰাজনৈতিক শক্তিবোৰক দমন কৰি ৰাখিছে আৰু আঞ্চলিকতাবাদী শক্তি বুলি দাবী কৰা কিছুমানে যিধৰণে আপোচ কৰিছে, তেনে প্রেক্ষাপটত আজি এক নতুন অধ্যায়ৰ সূচনা হৈছে।
তেওঁ কয় যে আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ স্বাৰ্থত, জাতীয় সংগ্রাম আগুৱাই নিয়াৰ স্বাৰ্থত আৰু খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত জাতীয় দল জাতীয় পৰিষদত চামিল হৈছে। বিৰোধীৰ ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংসদজনে কয় যে কংগ্রেছে নিজকে 'বিগ ব্রাদাৰ' বুলি ভাবি থাকিলে নহ'ব। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে আজিৰ দিনটোত অসমবাসীৰ মাজলৈ এক শক্তিশালী বার্তা যাব, মানুহক মনোবল আৰু সাহস দিব। কালিৰ এই অনুষ্ঠানত অসম জাতীয় পৰিষদৰ বহুসংখ্যক নেতা-কর্মী উপস্থিত থাকে।