ডিজিটেল ডেস্কঃ যুদ্ধপীড়িত ইৰানৰ পৰা উদ্ধাৰ কৰা ১১০জন ভাৰতীয় শিক্ষাৰ্থীক লৈ অহা এখন বিশেষ বিমান নিৰাপদে দিল্লীত অৱতৰণ কৰে। এই শিক্ষার্থীসকলৰ ভিতৰত ৯০গৰাকী হৈছে জম্মু-কাশ্মীৰৰ।
ভাৰত চৰকাৰৰ সমন্বয়ত হোৱা এই উদ্ধাৰ কাৰ্যত এই শিক্ষার্থীসকলক প্রথমতে ইৰানৰ পৰা আর্মেনিয়ালৈ লৈ যোৱা হৈছিল। উল্লেখযোগ্য যে ইৰানত ৪ সহস্রাধিক ভাৰতীয় নাগৰিক আছে। ইয়াৰে অর্ধেক হৈছে উচ্চ শিক্ষা, বিশেষকৈ মেডিচিন আৰু আন পেছাদাৰী ক্ষেত্ৰৰ শিক্ষা প্রতিষ্ঠানৰ শিক্ষাৰ্থী।
ইৰানৰ মাশ্বহাদ চহৰত উপস্থিত উপস্থিত ৬০০ ভাৰতীয় শিক্ষার্থী : ইৰানত কাশ্মীৰৰ ৫০০ শিক্ষার্থীকে ধৰি প্ৰায় ৬০০ ভাৰতীয় শিক্ষার্থী নিৰাপদে ইৰানৰ কোমৰ পৰা মাশ্বহাদ মহানগৰত উপস্থিত হৈছে। বৃহস্পতিবাৰে প্রশাসনে এই কথা জনায়। যুদ্ধৰ মাজত ভাৰতলৈ ঘূৰাই পঠাবলৈ অনা এয়া হৈছে ভাৰতীয় শিক্ষাৰ্থীৰ দ্বিতীয়টো গোট। এই গোটটো প্রথমতে বিভিন্ন স্থানৰ পৰা কোমলৈ অনা হৈছিল। তাত তেওঁলোক তিনিদিন থাকিল।