পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য

dainik janambhumi October 10, 2025

ডিজিটেল ডেস্ক : পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে ভাৰতক সকীয়াই দি কয় যে 'ভাৰতৰ সৈতে যুদ্ধৰ সম্ভাৱনা বাস্তৱত পৰিণত হ'ব' আৰু তেওঁ দাবী কৰে যে ভৱিষ্যতে কোনো সশস্ত্র সংঘৰ্ষৰ উদ্ভৱ হ'লে পাকিস্তানে বৃহৎ সাফল্য লাভ কৰিব। মন্ত্ৰীগৰাকীয়ে মঙলবাৰে দেশখনৰ 'ছামা টিভি'ত দিয়া এটা সাক্ষাৎকাৰত এই কথা প্রকাশ কৰে। তেওঁ কয় যে সম্প্রতি সশস্ত্র সংঘৰ্ষৰ ভাবুকি আছে আৰু পাকিস্তানে এই সন্দর্ভত চোকা দৃষ্টি ৰাখিছে। 

তেওঁ লগতে কয়-যোৱা ৬ মাহৰ তুলনাত পাকিস্তানৰ সমর্থক আৰু মিত্ৰৰ সংখ্যা বৃদ্ধি হৈছে। পাক মন্ত্রী আছিফে লগতে এইবুলি দাবী কৰে যে মোগল সম্রাট ঔৰংগজেৱৰ কাৰ্যকালৰ চমু সময়খিনিক বাদ দি ভাৰত কেতিয়াও এখন ঐক্যবদ্ধ ৰাষ্ট্ৰ নাছিল। তেওঁ কয় যে আল্লাৰ নামত পাকিস্তান সৃষ্টি হৈছে। 

উল্লেখযোগ্য যে কিছু দিন পূর্বে ভাৰতৰ সেনাধ্যক্ষ উপেন্দ্র দ্বিবেদীৱে বিশ্ব মানচিত্রত পাকিস্তানে যদি অস্তিত্ব বজাই ৰাখিব খোজে তেন্তে সন্ত্রাসবাদক পৃষ্ঠপোষকতা বন্ধ কৰিবলৈ সতর্ক কৰি দিছিল। তাৰ পাছতেই পাকিস্তানৰ মন্ত্ৰীজনে এইদৰে কয়।

Share This