দক্ষিণ আফগানিস্তানত ভয়ংকৰ বাছ দুর্ঘটনা

dainik janambhumi August 21, 2025

ডিজিটেল ডেস্কঃ দক্ষিণ আফগানিস্তানত এখন বাছ দুর্ঘটনাগ্রস্ত হোৱাৰ ফলত কমেও ৭৯জন লোকৰ মৃত্যু হয়। দেশখনৰ চৰকাৰী বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি, ইৰানৰ পৰা স্বদেশলৈ ঘূৰি অহা লোকক কঢ়িয়াই অনা বাছখন দুর্ঘটনাত পতিত হোৱাৰ পাছত ১৯টা শিশুসহ ৭৯জন লোকৰ মৃত্যু হয়।

 দেশখনৰ গৃহ বিভাগৰ মুখপাত্র আব্দুল মতিনে এছ'চিয়েট প্রেছক কয় যে দুর্ঘটনাটোত দুজন লোক গুৰুতৰভাৱে আহত হয়। দেশখনৰ হেৰাট প্ৰদেশত মঙলবাৰে নিশা ৮-৩০ বজাত (স্থানীয় সময়) দুর্ঘটনাটো সংঘটিত হয়। অভিশপ্ত বাছখনে ট্রাক এখনত খুন্দা মাৰে আৰু ইয়াৰ পাছতে বাছখনত জুইৰ সূত্রপাত হয় আৰু গোটেই বাছখন ভস্মীভূত হয় আৰু অধিকাংশ লোকেই জুইত জাহ যায়। 


উল্লেখযোগ্য যে আফগানিস্তানৰ পথৰ অৱস্থা অতি শোচনীয় হোৱাৰ বাবে দেশখনত সঘনাই দুর্ঘটনা সংঘটিত হয়। আনহাতে, ১.৮ মিলিয়ন আফগান লোকক কেইমাহমান ধৰি ইৰানৰ পৰা বলপূর্বক পঠিওৱা হৈছে। ইৰানৰ পৰা বিতাৰিত হৈ স্বদেশলৈ প্রত্যাৱৰ্তন কৰাৰ সময়তে ৭৯জন দুর্ভগীয়া আফগান লোকে দুর্ঘটনাটোত প্রাণ হেৰুৱায়।

Share This