বৰফৰ শুকুলা আচ্ছাদনে আৱৰিলে কাশ্মীৰ উপত্যকা

dainik janambhumi October 04, 2025

ডিজিটেল ডেস্কঃ কাশ্মীৰ উপত্যকাত চলিত বৰ্ষত প্রথমবাৰৰ বাবে শুকুৰবাৰে তুষাৰপাত হয়। বৰফৰ শুকুলা আচ্ছাদনে উপত্যকাটোৰ বিভিন্ন অঞ্চল আৱৰি থাকে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই এম ডি) প্রকাশ কৰা মতে, অহা দিনসমূহত কাশ্মীৰ উপত্যকাত অধিক তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে। 

গুলমাৰ্গৰ বিখ্যাত স্কাই ৰিজ'ৰ্টসহ উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ বিভিন্ন অঞ্চলত আৰু দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ চিনমান চূড়াত বৰফৰ শুকুলা আচ্ছাদন পৰিলক্ষিত হয়।

আনহাতে, নামনি অঞ্চলবোৰ, যেনে- শ্রীনগৰ চহৰসহ দাঁতি-কাষৰীয়া অঞ্চলবোৰত শুকুৰবাৰে পাতলীয়া বৰষুণ আহে। ইফালে, আই এম ডিয়ে প্রকাশ কৰে যে 'ৱেষ্টার্ন ডিষ্টাৰ্বেন্স'ৰ বাবে ৫ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈকে জম্মু-কাশ্মীৰত পাতলীয়া বৰষুণ বা তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে।

Share This