বিনামূলীয়া ৰোগ নিৰ্ণয় পৰীক্ষাৰ পৰা বঞ্চিত হ'ব বহু ৰোগী, চৰকাৰী চিকিৎসালয়ত বাধ্যতামূলক আধাৰ কাৰ্ড

dainik janambhumi April 24, 2026

ডিজিটেল ডেস্ক: যিসকল লোকৰ বর্তমানেও আধাৰ কাৰ্ড নাই সেইসকলে চৰকাৰী বিনামূলীয়া স্বাস্থ্য সেৱাৰ অধীনৰ বিভিন্ন ৰোগ নিৰ্ণয়ৰ পৰীক্ষা, এক্স ৰে' আৰু চিটি স্কেনৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। আধাৰ কাৰ্ড বাধ্যতামূলক হৈ পৰিছে এইসমূহ চৰকাৰী সুবিধাৰ বাবে। এই নিয়ম ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাত ৰাজ্যখনৰ প্ৰায় সকলো চৰকাৰী চিকিৎসালয়তে হাহাকাৰ লাগিছে। অৱশ্যে ৰোগীৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক হোৱাৰ আঁৰত অন্য এক কথাহে জড়িত হৈ আছে। 

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ৰাজ্যৰ মিছন ডিৰেক্টৰ ড° লক্ষমনন এছে চলিত মাহৰ ১১ এপ্রিলত এক নির্দেশনা জাৰি কৰিছে মেছাছ ক্ৰাছনা ডায়েগ্ন'ষ্টিক লিমিটেডৰ পৰিচালন সঞ্চালক আৰু মেছাছ স্পন্দন ডায়েগ্ন'ষ্টিক চেণ্টাৰ প্রাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালকলৈ। উল্লেখযোগ্য যে এই দুয়োটা ব্যক্তিগত মালিকানাধীন কোম্পানীৰ অধীনত সমগ্ৰ অসমৰ চৰকাৰী চিকিৎসালয়সমূহত চৰকাৰী বিনামূলীয়া ৰোগ নিৰ্ণয়ৰ পৰীক্ষাৰ লগতে এক্স ৰে' আৰু চিটি স্কেন সম্পন্ন হয়। চৰকাৰী চিকিৎসালয়ত ৰোগীৰ বিভিন্ন পৰীক্ষা যেনে তেজ, মল-মূত্র আদিকে ধৰি পৰীক্ষাগাৰত সম্পন্ন প্ৰায়বোৰ পৰীক্ষাৰ লগতে এক্স ৰে' আৰু চিটি স্কেনকে ধৰি বেছিভাগ পৰীক্ষা এই দুয়োটা ব্যক্তিগত মালিকানাধীন পৰীক্ষাগাৰতহে কৰা হয়। ৰোগীয়ে বিনামূলীয়াকৈ এইসমূহ সুবিধা লাভ কৰে যদিও চৰকাৰে ইয়াৰ বিপৰীতে কোম্পানীকেইটাক তেওঁলোকে কৰা পৰীক্ষাৰ বিপৰীতে ধন আদায় দি আহিছে। কিন্তু পূৰ্বৰ দৰে এতিয়াৰে পৰা এই কোম্পানীকেইটাই ৰোগীৰ পৰীক্ষাসমূহ কৰিব নোৱাৰিব। যিগৰাকী ৰোগীৰ আভা একক পৰিচয় নম্বৰ থাকিব তেওঁলোকৰহে বিভিন্ন পৰীক্ষা কৰিব পাৰিব। আভা হৈছে আয়ুষ্মান ভাৰত হেল্থ একাউন্ট। অর্থাৎ যিসকল লোকৰ আভা একক নম্বৰ থাকিব তেওঁলোকে সকলো বিনামূলীয়া পৰীক্ষাৰ সুবিধা লাভ কৰিব। আওপকীয়াকৈ কথাটো হ'ল মিছন ডিৰেক্টৰে জাৰি কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে কোম্পানীকেইটাই বিল দিয়াৰ সময়ত প্ৰতিজন ৰোগীৰ বিপৰীতে আভা একক নম্বৰ থকাটো বাধ্যতামূলক। আভা একক নম্বৰ নথকা ৰোগীৰ বিপৰীতে দিয়া পৰীক্ষাগাৰৰ বা এক্স ৰে' আৰু চিটি স্কেনৰ বিলৰ ধন চৰকাৰে আদায় নিদিয়ে। যিহেতু আভা একক নম্বৰ নথকা ৰোগীৰ বিপৰীতে পৰীক্ষাগাৰৰ কোনো বিল নাপাব সেয়ে আভা একক নম্বৰ নথকা ৰোগীৰ ৰোগ নির্ণয় কৰিবলৈ যিকোনো পৰীক্ষা কোম্পানীকেইটা কৰাৰ পৰা বিৰত আছে। লগতে চৰকাৰী চিকিৎসকসকলেও আভা একক নম্বৰ নথকা ৰোগীৰ ক্ষেত্ৰত যেই কোনো পৰীক্ষাৰ বাবে প্ৰেছক্রিপশ্যনত লিখি দিব নোৱৰা হৈছে। 

এতিয়া কথা হ'ল এই আভা একক নম্বৰ ৰোগীয়ে কেনেকৈ পাব? ৰোগীৰ হাতত তেওঁৰ আধাৰ কাৰ্ড থাকিলে চিকিৎসাৰ সময়ত চিকিৎসালয়ত থকা কৰ্মচাৰীয়ে এই আভা একক নম্বৰ প্ৰদান কৰে। ক'বলৈ গ'লে আধাৰ কাৰ্ড থাকিলে আভা একক নম্বৰ পাবলৈ তেনেই সহজ। এবাৰ আভা একক নম্বৰ পালে পুনৰ কৰি থকাৰ প্ৰয়োজন নাই। চিকিৎসালয়লৈ পুনৰ আহিলে আভা একক নম্বৰ কৈ দিলে সকলো বিনামূলীয়া পৰীক্ষাৰ সুবিধা পাব। কিন্তু কথা হ'ল চিকিৎসালয়লৈ অহা কেইজন ৰোগীয়ে লগত আধাৰ কাৰ্ড লৈ আহে। আনিলেও বহু লোকক আভা একক নম্বৰ প্ৰদান কৰিব নোৱাৰে। তাৰ কাৰণটো হ'ল ৰাজ্যৰ বহু লোকৰ হাতত এতিয়াও ম'বাইল ফ'ন নাই। তেওঁলোকে বিভিন্ন কাৰণত আধাৰ কাৰ্ডৰ প্ৰয়োজন হয় বাবেই আধাৰ কার্ড যেনে-তেনে বনাই থয়। আধাৰ কাৰ্ড বনোৱাৰ সময়ত এটা ম'বাইল নম্বৰৰ প্রয়োজন হয়। বহুতে আনৰ ম'বাইল নম্বৰ দি আধাৰ কাৰ্ডখন বনাই লয়। আধাৰ কাৰ্ডৰ লগত পঞ্জীয়ন হৈ থকা ম'বাইল নম্বৰ নাথাকিলে আভা একক নম্বৰ পাব নোৱাৰি। কাৰণ আভা একক নম্বৰ কৰাৰ সময়ত পঞ্জীয়ন হৈ থকা ম'বাইল নম্বৰত এটা অ' টি পি (ৱান টাইম পাছৱৰ্ড) যায়। সেই অ'টি পিটো নিজৰ ম'বাইল থাকিলেহে পাব পাৰি। যিসকলৰ ম'বাইলেই নাই, অ'টি পিটো ক'ত পাব? যাৰ বাবে আধাৰ কাৰ্ড থাকিলেও আভা একক নম্বৰ নাপায়। আৰু আভা একক নম্বৰ নোপোৱাৰ বাবে বিনামূলীয়া পৰীক্ষাসমূহ কৰিব নোৱাৰে। এনে ৰোগীয়ে চিকিৎসালয়ত আহি এতিয়া উপায়হীন হৈ পৰিছে। তেওঁলোকে চিকিৎসালয়ৰ কর্মীসকলৰ লগতে তর্কযুদ্ধত লিপ্ত হৈছে। 

আনহাতে জৰুৰীকালীন অৱস্থাতো ই সাংঘাতিক প্রভাৱ পেলাইছে। উদাহৰণ স্বৰূপে, পথ দুর্ঘটনাত আহত লোকক দুর্ঘটনাস্থলীৰ পৰা চিকিৎসালয়লৈ কোনোৱে লৈ যায়। চিকিৎসালয়ত প্রয়োজন সাপেক্ষে যদি এক্স ৰে' নাইবা চিটি স্কেন কৰিব লগীয়া হ'লেও কৰিব পৰা নাই। কাৰণ সেই সময়ত আধাৰ কাৰ্ড পাব ক'ত? আধাৰ কাৰ্ড নহ'লে আভা একক নম্বৰ নম্বৰ। এই একক নম্বৰ নাথাকিলে পৰীক্ষা নকৰে। সেই সময়ত চিকিৎসালয়ত কি পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া সহজেই অনুমান কৰিব পাৰি। উত্তেজিত ৰাইজে চিকিৎসাকর্মীক দুর্ব্যৱহাৰ যে নকৰিব তাৰ কোনো সন্দেহ নাই। চৰকাৰৰ বিনামূলীয়া ৰোগ নিৰ্ণয় কৰাৰ ক্ষেত্ৰত আভা একক নম্বৰৰ বাধ্যতামূলকে একাংশ দৰিদ্ৰ লোক (যাৰ আধাৰ কাৰ্ড নাই বা আধাৰ কাৰ্ড থাকিলেও কার্ডত পঞ্জীয়ন হৈ থকা ম'বাইল নম্বৰ নাই) বিনামূলীয়া সুবিধাসমূহৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত।

Share This