ডিজিটেল ডেস্ক: অসমৰ লোক-সংস্কৃতিৰ সাধক ৰত্নেশ্বৰ মৰাণক কালি সদৌ অসম ছাত্র সন্থাই পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰে। গুৱাহাটীৰ চানমাৰিৰ শ্বহীদ উদ্যানত থকা প্রতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিস্থলীত এক গাম্ভীর্যপূর্ণ পৰিৱেশত তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ ডিৰাকৰ বৰমেছাই শিমলুগুৰি গাঁৱৰ লোক-কৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণক এই বঁটা প্ৰদান কৰা হয়।
এই বঁটাত এখন গামোচা, এখন এৰী চাদৰ, এটা জেকেট, এখন শৰাই, এখন মানপত্র, ভাস্কর্য শিল্পী বীৰেন সিংহই নিৰ্মাণ কৰা এটা স্মাৰক আৰু নগদ পঁচিশ হাজাৰ টকা আছে। অনুষ্ঠানৰ আৰম্ভণিতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত শিল্পী চন্দ্ৰশ্রী চক্ৰৱৰ্তীয়ে গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰে। 'প্রতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা' গ্রহণ কৰি ৰত্নেশ্বৰ মৰাণে কয় যে মই গাঁৱৰ মানুহ। বোকা খচা মানুহ, খেতি কৰা মানুহ। কৃষ্টিক মই ভালপাওঁ। আনহাতে, এই বঁটা পাম বুলি মই সপোনতো ভবা নাছিলোঁ বুলি উল্লেখ কৰি তেওঁ বঁটা লাভ কৰি আনন্দ অনুভৱ কৰা বুলি কৈ ছাত্র সন্থাক ধন্যবাদ জনায়।
বঁটা প্ৰদান কৰি আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে মৰাণ জনগোষ্ঠীৰ লোক-সংস্কৃতিৰ সাধক তথা অসমৰ লোক-সংস্কৃতিৰ সাধক ৰত্নেশ্বৰ মৰাণক আজি প্রতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰিবলৈ পাই আমি অত্যন্ত আনন্দিত, গৌৰৱান্বিত। তেওঁ অসমৰ লোক-সংস্কৃতিৰ ভঁৰাল চহকী কৰিবলৈ নীৰৱে যি সাধনা কৰি আছে এই সাধনাৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। আশা কৰিম তেওঁক ঈশ্বৰে শক্তি দিয়ক, লোক-সংস্কৃতিৰ পথাৰখন শক্তিশালী কৰক, আৰু জীপাল কৰক। আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰক। আনহাতে, লোক-সংস্কৃতিৰ পথাৰখন শক্তিশালী কৰি জীপাল কৰি আগবাঢ়ি গ'লেহে আমাৰ জাতীয় জীৱন সমৃদ্ধ হ'ব বুলি উল্লেখ কৰি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে লগতে কয় যে প্রতিমা বাইদেউৰ মাটিয়াবাগৰ ঘৰটোৰ নিৰ্মাণ সোনকালে শেষ হ'ব লাগে। কেতিয়া শেষ হ'ব তাৰ দিন নির্ধাৰণ কৰিব লাগে আৰু তাত গৱেষণাৰ সমল পোৱাৰ লগতে পৰিৱেশ যাতে পায় তাৰ ব্যৱস্থা কৰিব লাগে। দ্বিতীয়তে, প্রতিমা বাইদেউৰ সৃষ্টি আৰু চিন্তা গৱেষণাৰ অত্যন্ত প্রয়োজন। সেয়েহে, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্রুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়ত প্রতিমা বাইদেউৰ নামত এখনকৈ আসন স্থাপন কৰিব লাগে যাতে পৰিকল্পিতভাৱে বাইদেউৰ সৃষ্টি-চিন্তা গৱেষণাৰ জৰিয়তে আগবঢ়াই দিব পাৰি।
আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ভাষণত অসমৰ লোক-সংস্কৃতিৰ পথাৰখনত নীৰৱে কাম কৰি থকা, সাধনা কৰি থকা লোক-সংস্কৃতিৰ শিল্পীসকলক উদগনি, সমর্থন-অনুপ্ৰেৰণা দিবলৈ চৰকাৰক পুঁজি গঠন কৰি সমৰ্থন আগবঢ়াবলৈও চৰকাৰলৈ মুকলি আহ্বান জনায়। অনুষ্ঠানত আছুৰ সভাপতি উৎপল শর্মাই ৰত্নেশ্বৰ মৰাণে ৫০ বছৰতকৈ অধিক কাল নীৰৱে লোক-কৃষ্টিৰ সম্পদ সংৰক্ষণ কৰিছে বুলি উল্লেখ কৰি তেওঁক বঁটা প্ৰদান কৰাটোৱেই আমাৰ কাৰণে সার্থকতা আৰু এই বঁটাই তেখেতক নিৰলসভাৱে লোক-কৃষ্টিৰ সাধনাত আৰু উৎসাহিত কৰিব বুলি মন্তব্য কৰে।