ডিজিটেল ডেস্ক : ভাৰতীয় দলক প্রতিনিধিত্ব কৰা অসম সন্তান অভিনৱ গগৈয়ে চাৰিটা অভিলেখৰ সৃষ্টি কৰি কমনৱেল্থ জুনিয়ৰ আৰু য়ুথ ভাৰোত্তোলন প্রতিযোগিতাৰ দ্বিতীয় দিনা দ্বি-মুকুট অৰ্জন কৰাৰ সময়তে জুনিয়ৰ শাখাত অসম কন্যা আইচেংফা গগৈয়ে সোণৰ পদক অর্জনেৰে দেশ তথা ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। অভিনৱে ছামোৱাৰ এপিয়াত সোমবাৰৰ পৰা আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন প্রতিযোগিতাখনৰ পুৰুষ শাখাত চাৰিটা নতুন অভিলেখ গঢ়াৰ লগতে জুনিয়ৰ আৰু যুৱ উভয় শাখাতে সোণৰ পদক অর্জন কৰে। আনহাতে, মহিলাৰ ৫৮ কেজি ওজন শাখাৰ প্ৰতিদ্বন্দ্বী শিৱসাগৰৰ আইচেংফাই স্নেটছত ৭৯ আৰু ক্লীন এণ্ড জাৰ্কত অভিলেখ সৃষ্টি কৰি ১০৬ কেজিসহ মুঠ ১৮৫ কেজি ওজন উত্তোলন কৰি সোণৰ পদক জয় কৰে।
অভিনৱে এপিয়া মহানগৰৰ টুইয়ানাইমাতো স্প'র্টছ কমপ্লেক্সত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাখনৰ ৭১ কেজি শাখাত প্রতিদ্বন্দ্বিতা কৰি স্নেট্ছত ১২৯ আৰু ক্লীন এণ্ড জার্কত ১৫৫ কেজিসহ সামগ্রিকভাৱে মুঠ ২৮৪ কেজি ওজন উত্তোলন কৰে। দুটা সোণৰ পদক জয়ৰ লগতে প্রতিশ্রুতিসম্পন্ন অসম সন্তানজনে স্নেটছত দুটা, ক্লীন এণ্ড জার্কত এটা আৰু সামগ্রিক উত্তোলনত এটাকে ধৰি মুঠ চাৰিটা নতুন অভিলেখ গড়ে। ইয়াৰ পূৰ্বে যোৱা ফেব্ৰুৱাৰী মাহত উত্তৰ প্ৰদেশত অনুষ্ঠিত ৰাষ্ট্ৰীয় য়ুথ প্রতিযোগিতাত স্বর্ণ আৰু জুনিয়ৰ প্রতিদ্বন্দ্বিতাত ৰূপ জয় কৰা অভিনৱে যোৱা বছৰ ভাৰতীয় দলক প্রতিনিধিত্ব কৰি তিনিটা অভিলেখ গঢ়ি কমনৱেল্থ ভাৰোত্তোলনতো স্বর্ণ জয়ৰ কৃতিত্ব অৰ্জন কৰিছিল। আগশাৰীৰ প্ৰতিযোগিতাখন গুজৰাটৰ আহমেদাবাদত যোৱা আগষ্ট মাহত হৈছিল। বিশিষ্ট ভাৰোত্তোলন প্রশিক্ষক অনুপ কোঁৱৰৰ পৰা ভাৰোত্তোলনৰ আদিপাঠ লোৱা অভিনৱে চৰাইদেউ ভাৰোত্তোলন দলৰ হৈ কেৰিয়াৰ আৰম্ভ কৰিছিল। সপেখাটীৰ ৰহণ ধাদুমীয়া গাঁৱৰ কেশৱ গগৈ আৰু ববিতা তামুলী গগৈৰ পুত্ৰ অভিনৱে সম্প্রতি পাটিয়ালাৰ নেশ্যনেল চেণ্টাৰ অব্ এক্সেলেন্সিত (এন চি অ'ই) নিয়মীয়া অনুশীলন তথা উচ্চ প্রশিক্ষণ লৈ আছে।
আনহাতে, লক্ষ্ণৌ ছাইৰ প্ৰশিক্ষাৰ্থী আইচেংফা শিৱসাগৰৰ মেটেকা লাইমেকুৰী গাঁৱৰ দীপজ্যোতি গগৈ আৰু নৱনীতা গগৈৰ কন্যা। বগীদলৰ ইয়ংষ্টাৰ ভাৰোত্তোলন আৰু শক্তি উত্তোলন প্রশিক্ষণ কেন্দ্রত প্রশিক্ষক ঋতু গগৈ (দীপু)ৰ অধীনত ভাৰোত্তোলনৰ প্ৰশিক্ষণ লোৱা আইচেংফাই ইতিপূর্বে ৰাষ্ট্ৰীয় স্কুল ক্রীড়া, ৰাষ্ট্ৰীয় ভাৰোত্তোলনতো স্বর্ণজয়ী কৃতিত্ব অর্জন কৰিছিল। উল্লেখযোগ্য যে ওচেনিয়াৰ কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাখন হৈছে গ্লাছগোত অহা ২৩ জুলাইত আৰম্ভ হ'বলগীয়া ২৩ সংখ্যক কমনৱেলথ গেমছ ২০২৬ বাছনিৰ বাবে এক গুৰুত্বপূৰ্ণ যোগ্যতা অর্জনকাৰী প্ৰতিযোগিতা।