কোহলীৰ সৈতে অনুশীলন এ চি মিলানৰ ফুটবলাৰৰ, ক্রিকেট-ফুটবলৰ যুগলবন্দী

dainik janambhumi May 01, 2026

ডিজিটেল ডেস্ক : আই পি এলৰ মাজতে দেখা গ'ল ক্রিকেট আৰু ফুটবলৰ যুগলবন্দী। একেলগে অনুশীলন কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (আৰ চি বি) তিনি ক্রিকেটাৰ আৰু এ চি মিলানৰ এক ফুটবলাৰে। মিলি গ'ল ভাৰতৰ ক্রিকেট আৰু ইটালিৰ ফুটবল ক্লাব। জার্মানিৰ এক ক্রীড়া সামগ্রী প্রস্তুতকাৰী সংস্থাৰ সৈতে যুক্ত হ'ল আৰ চি বি আৰু এ চি মিলান। তেওঁলোকৰ উদ্যোগতে হৈছে এই যুগলবন্দী। 

সেই অনুসৰি এক ভি ডি অ' প্রকাশ কৰা হৈছে। কেপছনত লিখা আছে, 'ভিন্ন খেল, ভিন্ন জাছী, কিন্তু সমান প্রভাৱ'। ভিডিঅ'টোত দেখা গৈছে আৰ চি বিৰ তিনি ক্রিকেটাৰ বিৰাট কোহলী, ফিন ছল্ট আৰু অধিনায়ক ৰজত পাটিদাৰক। আনফালে আছে এ চি মিলানৰ ফুটবলাৰ ক্রিশ্চিয়ান পুলচিচক। কেউগৰাকীয়ে একেলগে অনুশীলন কৰিছে। প্রথমতে পুলচিচক ফুটবলাৰৰ ৰূপত দেখা গ'ল। তেওঁ পিন্ধিছিল বেংগালুৰুৰ জাৰ্ছী। কেইছেকেণ্ডমানৰ পাছত বেট হাতে তেওঁ এটা শ্বট খেলিলে। 

ইয়াৰ পাছত ফুটবল ভৰিত লৈ দেখা গ'ল আৰ চি বিৰ তিনি ক্রিকেটাৰক। ভৰিত বল লৈ খেলিলে তেওঁলোকে। বেংগালুৰুৰ তিনি ক্রিকেটাৰে পিন্ধিছিল এ চি মিলানৰ জাৰ্ছী। ক্রিকেটাৰৰ মাজত ফুটবল খেলা নতুন নহয়। সকলো দলৰ ক্ৰিকেটাৰে ফুটবল খেলি সময় কটায়। কোহলী আৰু মহেন্দ্র সিং ধোনি ফুটবলতো দক্ষ। কিন্তু ফুটবলাৰক সাধাৰণতে হাতত ক্রিকেটৰ বেট লৈ দেখা নাযায়।

Share This