ডিজিটেল ডেস্ক : 'ৰৈ ৰৈ বিনালে'ৰ অভিনেত্রী মৌচুমী আলিফাই কালি এক বিস্ফোৰণ ঘটাই কৈছে যে সিদ্ধার্থ শৰ্মা নামৰ মেনেজাৰটোৰ লগত জুবিনৰ মনোমালিন্য হোৱাই নহয়, সকলোৰে আগতে জুবিনে সিদ্ধার্থক গালি পাৰি কৈছিল- তহঁতে মোক মেচিন বনাই পেলালি। মোৰ স্বাস্থ্যৰ কথা নাভাব, তহঁতে অকল পইচাৰ কথাহে ভাব। যি সময়ত দুটকীয়া বাউন্সাৰ সিদ্ধার্থ শৰ্মা, দালাল শ্যামকানু, প্ৰৱঞ্চক শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গক এ টি এম কাৰ্ডৰ দৰে ব্যৱহাৰ কৰি লুটি-পুতি খাই জনতাৰ হৃদয়ৰ শিল্পীজনক মৃত্যুমুখলৈ ঠেলি দিয়া বুলি সর্বত্র চর্চা হৈ আছে, সেই সময়ত ৰৈ ৰৈ বিনালেত জুবিনৰ সহঃশিল্পীগৰাকীৰ এই মন্তব্য অত্যন্ত তাৎপর্যপূর্ণ বিবেচিত হৈছে।
আলিফাই কয় যে অত্যন্ত অভদ্র আৰু ৰুক্ষ ব্যৱহাৰৰ কাৰণে কুখ্যাত সিদ্ধাৰ্থৰ পৰা তেওঁ সদায়েই দূৰত্ব বজাই ৰাখিছিল। কিন্তু এদিন ৰৈ ৰৈ বিনালেৰ কামত ব্যস্ত থকা অৱস্থাত জুবিনৰ অনুষ্ঠানৰ বাবে সিদ্ধার্থই প্ৰস্তুত কৰা লিষ্ট দেখি জুবিন সিদ্ধাৰ্থৰ ওপৰত খর্গহস্ত হৈ পৰি সকলোৰে আগতে তাক গালি পাৰিছিল। অভিনেত্ৰীগৰাকীয়ে কয় যে জুবিনে চিনেমাৰ কামত ব্যস্ত থাকিলেও বিভিন্ন অনুষ্ঠানৰ বাবে তেওঁক নিমন্ত্ৰণ কৰা অনুৰাগীসকলক কেতিয়াও হতাশ কৰিবলৈ বিচৰা নাছিল।
কিন্তু সিদ্ধার্থই একেদিনাই ৰাজ্যৰ বিপৰীত স্থানত লোৱা দুটা অনুষ্ঠান দেখি তেওঁ মেনেজাৰৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছিল। যথেষ্ট দূৰত্ব হোৱা এই অনুষ্ঠান দুটালৈ তেওঁ কেনেকৈ ট্রেভেল কৰিব বুলি জুবিনে সিদ্ধার্থক প্রশ্ন কৰিছিল। এই প্রসংগত সিদ্ধার্থ, শ্যামকানু আৰু শেখৰে জুবিনক ভয়ংকৰ ধৰণে মানসিক আৰু আৰ্থিক শোষণ চলাইছিল, যাৰ বাবে জুবিন শেহতীয়াকৈ যথেষ্ট হতাশ আৰু নিঃসংগ হৈ পৰিছিল।