নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ

Rashmi July 30, 2025

ডিজিটেল ডেস্কঃ অভিনেত্ৰী নন্দিনী কাশ্যপৰ তীব্ৰ বেগী গাড়ীৰ খুন্দাত চিৰদিনলৈ চকু মুদিলে ২১ বছৰীয়া যুৱক ছামিউল হকে। মঙলবাৰে চিকিৎসাধীন অৱস্থাতে  এ'প'ল হস্পিটেলত মৃত্যু হয় যুৱকজনৰ। এতিয়া এই ঘটনাৰ সন্দৰ্ভত নন্দিনীৰ মাতৃৰ ভাষ্য প্ৰকাশ পাইছে। নন্দিনীৰ মাতৃয়ে কয় যে 'এই ঘটনাৰ বাবে আমি যথেষ্ট দু:খিত। আমাৰ পৰিয়ালৰ ফালৰ পৰা যুৱকজনক সকলো সহায় কৰিব বিচৰা হৈছিল। চিকিৎসালয়ত নন্দিনীৰ দেউতাকে চিকিৎসাৰ বাবে ধন দিবলৈ গৈছিল। কিন্তু তাত থকা কেইজনমান যুৱকে ছামিউলৰ পৰিয়ালক ধন ল'বলৈ বাধা দিছিল আৰু নন্দিনীৰ দেউতাকক ধমক দিছিল। আৰক্ষীয়ে সুৰক্ষাজনিত কাৰণত চিকিৎসালয়লৈ নাযাবলৈ নন্দিনীক পৰামৰ্শ দিছিল। GMCHত ছামিউলে উপযুক্ত চিকিৎসা পোৱা নাছিল বাবে আমাৰ কথামতেই GMCHৰ পৰা এ'প'ল হস্পিটেললৈ নিয়া হৈছিল। নন্দিনীৰ গাড়ীৰ নামত থকা ৫ খন চালান নন্দিনীয়ে চলোৱা বাবে নহয়, ড্ৰাইভাৰে চলোৱা বাবে জৰিমনা হৈছিল। আমি আইনী প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত পৰিয়ালটোৰ কাষলৈ যাম। আমি সকলোপ্ৰকাৰৰ সহায় কৰিবলৈ এতিয়াও প্ৰস্তুত।'

ইফালে নন্দিনীৰ মাতৃয়ে মিছা কথা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ। তেওঁ কয় যে  ''GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে। নন্দিনী কাশ্যপে হোৱাইটএপ কল কৰি ছামিউলৰ পৰিয়ালক মন্ত্ৰী, বিধায়ক আৰু আৰক্ষীৰ ক্ষমতা দেখুৱাইছিল।  ইয়াৰ লগতে লগতে চিকিৎসাৰ কোনো ব্যয় বহন নকৰোঁ বুলি কৈছিল।'' 

এতিয়া আৰু নন্দিনীৰ পৰিয়ালৰ পৰা কোনোধৰণৰ সহায় নালাগে বুলি হাতযোৰ কৰি ক'লে ছামিউলৰ পৰিয়ালে। 

উল্লেখ্য যে  গুৱাহাটীৰ দক্ষিণগাঁৱত শুকুৰবাৰে পুৱতি নিশা নন্দিনীৰ গাড়ীৰ খুন্দাত ওফৰি গৈছিল ছামিউল হক। দুৰ্ঘটনাৰ পিছতে যুৱকজনক এৰি নন্দিনীয়ে পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছিল।দুৰ্ঘটনাত ছাত্রজনৰ দুখন ভৰি ভাগি গৈছিল। ছামিউলৰ পিছ মূৰত ১০টাতকৈ অধিক চিলাই পৰিছিল। আঘাতপ্ৰাপ্ত যুৱকজনৰ সোঁ-হাতখনো ভাগি গৈছিল।

এনে অৱস্থাতো ছামিউল হকৰ এটাও খবৰ নোলোৱা বুলি অভিযোগ উত্থাপন হৈছিল নন্দিনীৰ বিৰুদ্ধে। সামান্যতম মানৱীয়তা নন্দিনীয়ে নেদেখুৱালে বুলি অসমবাসীয়ে উজাৰিছিলে ক্ষোভ। এতিয়া নন্দিনী কাশ্যপে উপযুক্ত শাস্তি পোৱাটো বিচাৰিছে অসমৰ ৰাইজে।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This