আমিৰ খানৰ ছবি ‘দংগল’ত অভিনয় কৰা অভিনেত্ৰী সুহানী ভাটনগৰৰ মৃত্যু

Kakali Deka February 17, 2024

ডিজিটেল ডেস্ক: বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ দংগল ছবিত ববিতা ফোগাটৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী সুহানী ভাটনগৰৰ মৃত্যু। তেওঁৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। 


খবৰ অনুসৰি কিছুদিন আগতে দুৰ্ঘটনাত ভৰি ভাঙিছিল সুহানীৰ।চিকিৎসাৰ সময়ত তাই খোৱা ঔষধবোৰৰ কিছুমান গুৰুতৰ পাৰ্শ্বক্ৰিয়া হৈছিল। ইয়াৰ বাবেই তাইৰ শৰীৰত পানী জমা হৈছিল আৰু চিকিৎসাধীন হৈ থকাৰ সময়তে তেওঁৰ অকাল মৃত্যু হয়। সুহানীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব ফৰিদাবাদৰ আজৰোণ্ডা শ্মশানত।

২০১৬ চনত মুক্তি পোৱা আমিৰ খানৰ ছবি ‘দংগল’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল সুহানী ভটনাগৰে। অভিনয়ৰ সমান্তৰালকৈ সুহানীয়ে গান আৰু নৃত্যৰ প্ৰতিও আকৰ্ষিত আছিল। এই ছবিখনৰ বাহিৰেও সুহানীয়ে বহু বিজ্ঞাপন কৰিছিল। অৱশ্যে দংগলৰ জৰিয়তেহে তাই জনপ্ৰিয়তা লাভ কৰি মানুহৰ প্ৰিয় হৈ পৰিছিল। তেওঁৰ অভিনয়ে অনুৰাগীসকলৰ মন মোহিছিল।

Share This