চীনৰ সামগ্ৰীত অতিৰিক্ত ১০০% শুল্ক আৰোপ, মার্কিন ৰাষ্ট্ৰপতিৰ নতুন শুল্ক যুদ্ধ

dainik janambhumi October 12, 2025

ডিজিটেল ডেস্ক : আমেৰিকাৰ জাহাজসমূহৰ ক্ষেত্ৰত চীনে নতুন বন্দৰ মাচুল আৰোপ কৰাৰ পাছতে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে চীনৰ সৈতে নতুন শুল্ক যুদ্ধ আৰম্ভ কৰিছে। ৰাষ্ট্ৰপতি ট্রাম্পে শুকুৰবাৰে চীনৰ ৰপ্তানি সামগ্ৰীৰ ওপৰত ১০০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছে। তদুপৰি, চীনৰ যিকোনো অথবা সকলো গুৰুত্বপূৰ্ণ ছফ্টৱেৰৰ ক্ষেত্ৰত ৰপ্তানি নিয়ন্ত্ৰণ ব্যৱস্থা আৰোপ কৰিছে ৰাষ্ট্ৰপতি ট্রাম্পে। ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁৰ টুথ ছ'চিয়েল প্লেটফর্মত দিয়া এটা প'ষ্টত কয়, 'বিশ্বলৈ এটা শত্রুভাবাপন্ন বার্তা প্ৰেৰণ কৰি চীনে বাণিজ্য ক্ষেত্রত এটা আক্রমণাত্মক স্থিতি লৈছে, সেইবাবে আমি ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ চীনৰ ৰপ্তানি সামগ্ৰীৰ ওপৰত ব্যাপক পৰিসৰত অতিৰিক্ত শুল্ক আৰোপৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ।' 

ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে চীনে বর্তমান সময়ত আদায় দি থকা শুল্কৰ অতিৰিক্তকৈ ১০০ শতাংশ শুল্ক ভৰিব লাগিব। উল্লেখযোগ্য যে বৃহস্পতিবাৰে বেইজিঙৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিব বুলি ভাবুকি দিছিল। আনহাতে, ৰাষ্ট্ৰপতি ট্রাম্পে মন্তব্য কৰিছিল যে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দুসপ্তাহৰ ভিতৰত তেওঁ বৈঠকত মিলিত হ'ব। ট্রাম্পে শুকুৰবাৰে কয় যে তেওঁ ৰাষ্ট্ৰপতি জিনপিঙৰে বৈঠক এতিয়াও বাতিল কৰা নাই, কিন্তু এই সন্দৰ্ভত তেওঁ নিশ্চিত নহয় যে ৰাষ্ট্ৰপতি জিনপিঙে তেওঁক সাক্ষাৎ কৰিব নে নাই। মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে চীনৰ এই ৰপ্তানি সামগ্ৰীৰ ওপৰত অতিৰিক্ত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ ফলত ছেমি কণ্ডাক্টৰ, যুদ্ধ জাহাজ আৰু অন্য শেহতীয়া প্রযুক্তিসমূহত নতুন ৰপ্তানি নিয়ন্ত্ৰণ ব্যৱস্থা বলবৎ হ'ব। ইফালে, চীনে আমেৰিকাৰ বিৰল খনিজ পদার্থ অন্বেষণত বাধাৰ সৃষ্টি কৰিবলৈ মার্কিন জাহাজসমূহৰ ক্ষেত্ৰত চীনে নতুন বন্দৰ মাচুল আৰোপ কৰাটোৱে আমেৰিকাৰ উদ্যোগ আৰু প্ৰতিৰক্ষা ঘাটিসমূহত প্রত্যক্ষভাৱে আঘাত হানিব। 

আমেৰিকাই বিৰল খনিজ সামগ্ৰীৰ প্ৰস্তুতকৰ্তা 'এম পি মেটেৰিয়েল'ত ৪০০ মিলিয়ন ডলাৰ বিনিয়োগ কৰি ঘৰুৱা সক্ষমতা বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা কৰিছিল যদিও চীনৰ যোগান শৃংখলাৰ ওপৰত ঘাইকৈ নিৰ্ভৰ কৰিছিল। কিন্তু চীনে আমেৰিকাৰ জাহাজসমূহৰ ওপৰত নতুন বন্দৰ মাচুল আৰোপ কৰি আমেৰিকাৰ অংকত আউল লগাই দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাষ্ট্ৰপতি ট্রাম্পে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙক বাণিজ্য চুক্তিৰ বাবে আলোচনাৰ মেজলৈ আনিবলৈ এই অতিৰিক্ত শুল্ক আৰোপ কৰা বুলি ধৰণা কৰা হৈছে।

Share This