ডিজিটেল ডেস্ক : ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজৱ কাণ্ড। নামভৰ্তিৰ বাবে জাননী জাৰি কৰি শেষ সময়ত এঘাৰটাকৈ বিভাগেই বন্ধ কৰি দিলে বিশ্ববিদ্যালয় কর্তৃপক্ষই। বিশ্ববিদ্যালয়খনে পাঁচ বছৰীয়া সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্রম পঢ়িব খোজা শিক্ষার্থীসকলৰ লগত এনেদৰে ল'ৰা-ধেমালি খেলাক লৈ এতিয়া সর্বত্রে প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে কোনোধৰণৰ পৰিকল্পনা নোহোৱাকৈ গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই পাঁচ বছৰীয়া সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰম (FYIMP) আৰম্ভ কৰিছিল। কেইবছৰমান যোৱাৰ পাছত বিত্তীয় অৱস্থা শোচনীয় হোৱাত বিশ্ববিদ্যালয়খনে এতিয়া কোনোধৰণৰ জাননী নিদিয়াকৈয়ে হিন্দী, সংস্কৃত, বড়ো, বাংলা, পার্চি, আৰবী, লোকসংস্কৃতি অধ্যয়ন, লেংগুৱেষ্টিক, কম্পেৰেটিভ ইণ্ডিয়ান লিটাৰেচাৰ, পৰিৱেশ অধ্যয়ন আৰু ছফটৱেৰ ডেভেলপমেণ্ট বিভাগত নামভৰ্তি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।
যাৰ ফলত নামভৰ্তিৰ বাবে আৱেদন কৰা ছাত্ৰ-ছাত্ৰীসকলে এতিয়া মানসিকভাৱে ভাগি পৰিছে। ইফালে বিশ্ববিদ্যালয়খনৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা। সন্থাৰ সভাপতি প্রবালজ্যোতি শৰ্মাই আজি কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ে FYIMP নামভৰ্তিৰ বাবে কালি কাট অব্ লিষ্ট প্রকাশ কৰিলে। কিন্তু আশ্বর্যজনকভাৱে হিন্দী, সংস্কৃত, লোকসংস্কৃতি আদিকে ধৰি অতিকৈ গুৰুত্বপূৰ্ণ প্রায় দহটাৰো অধিক বিভাগৰ নামভর্তি বন্ধ কৰি থৈছে। এই বিভাগকেইটাত নামভৰ্তিৰ ব্যৱস্থা নকৰাৰ কাৰণ হিচাপে বিশ্ববিদ্যালয় কর্তৃপক্ষই প্রকাশ কৰিছে বিভাগকেইটাত হেনো নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম। কিন্তু যেতিয়া বিশ্ববিদ্যালয় কর্তৃপক্ষই নামভৰ্তিৰ বাবে জাননী জাৰি কৰিছিল সেই সময়ত উক্ত বিভাগবোৰৰ নাম উল্লেখ কৰিছিল বুলি জনাই সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে জাননী মতেই ৰাজ্যৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীয়ে সমৰ্থ প'ৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰিছিল। কিন্তু এতিয়া কোনো জাননী নোহোৱাকৈ উক্ত বিভাগকেইটা বন্ধ কৰাটো দুর্ভাগ্যজনক। আনহাতে, উক্ত বিভাগকেইটাত পঢ়াৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰা ছাত্ৰ-ছাত্ৰীসকল মানসিকভাৱে ভাগি পৰিছে বুলি জনাই সাধাৰণ সম্পাদগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈকো কর্তৃপক্ষক সকীয়াই দিয়ে। তেওঁ সমগ্র বিষয়টোত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ দাবী কৰি উক্ত বিভাগবোৰত পুনৰ আৰম্ভ কৰাৰো আহ্বান জনাইছে। প্রণিধানযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচ বছৰীয়া সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া নামভর্তি আঁচনি (Fee Waiver Scheme)ৰ অধীনত নামভৰ্তিৰ সুবিধা প্ৰদান কৰাৰ লগতে নামভৰ্তিৰ মাচুল হ্রাস কৰাৰ দাবীত কিছু দিনৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলে প্রতিবাদী কার্যসূচী গ্রহণ কৰিছিল।
ছাত্ৰ-ছাত্ৰীসকলে আনকি একে পাঠ্যক্রম ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিনামূলীয়া বুলি উল্লেখ কৰি এনে ব্যৱস্থা গুৱাহাটী বিশ্ববিদ্যালয়তো আৰম্ভ কৰাৰ বাবে দাবী জনাইছিল। ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদৰ পাছতেই বিশ্ববিদ্যালয় কর্তৃপক্ষই এখন সংবাদমেল অনুষ্ঠিত কৰি চৰম বিত্তীয় সংকটত বিশ্ববিদ্যালয়খন ভুগি থকাৰ কথা ব্যক্ত কৰিছিল। আনহাতে, পাঁচ বছৰীয়া সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ পাছত শিক্ষক নিযুক্তিৰ নামতো প্ৰতি বছৰে বৃহৎ অংকৰ ধন ব্যয় হোৱাৰ কথাও ব্যক্ত কৰিছিল কর্তৃপক্ষই। এনে পৰিস্থিতিত বিত্তীয় জোৰা মাৰিব নোৱাৰি শেষত এঘাৰটাকৈ বিভাগ বিশ্ববিদ্যালয়খনে বন্ধ কৰি দিয়া কাৰ্য লক্ষণীয় হৈ পৰিছে।