নেশ্যনেল ৱাৰ মেম'ৰিয়েল ৱেবছাইটত নাম সন্নিৱিষ্ট, অৱশেষত প্ৰকাশ হ'ল 'অপাৰেশ্যন সেন্দুৰ'ত শ্বহীদ হোৱা ৬ জোৱানৰ নাম

dainik janambhumi June 27, 2026

ডিজিটেল ডেস্ক : অপাৰেশ্যন সেন্দূৰৰ সময়ত শ্বহীদ হোৱা ভাৰতীয় সেনাৰ ৬জন জোৱানৰ নাম প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা হৈছে। এই নামকেইটা 'নেশ্যনেল ৱাৰ মেমৰিয়েল'ৰ ৱেবছাইটত 'ৰ'ল অব অনাৰ'ত অন্তর্ভুক্ত কৰা হৈছে। নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ থ্রী-ডি ৱালত ২০২৫ খণ্ডত তেওঁলোকৰ নাম অংকন কৰা হৈছে। ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত ত্যাগ চক্ৰত ১৬খন ঘূৰণীয়া গ্ৰেনাইটৰ প্ৰাচীৰ আছে। ইয়াত স্বাধীনতাৰ পাছত দেশৰ বাবে প্রাণ আহুতি দিয়া প্রতিজন জোৱানৰ নাম, ৰেংক আৰু ইউনিট লিখা আছে। 

উল্লেখযোগ্য যে যোৱা বছৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীয়ে আক্রমণ কৰিছিল। এই আক্ৰমণত এজন স্থানীয় লোককে ধৰি ২৬ জন পৰ্যটকৰ মৃত্যু হৈছিল। উক্ত আক্ৰমণৰ পোটক তুলিবলৈ ভাৰতে ৬-৭ মে'ৰ নিশা পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত (পি অ' কে) থকা সন্ত্রাসবাদীৰ শিবিৰ, প্রশিক্ষণ কেন্দ্র, কার্যালয় আদিত আক্রমণ কৰিছিল। উক্ত আক্রমণত শতাধিক সন্ত্রাসবাদীৰ মৃত্যু হৈছিল। ভাৰত-পাকিস্তানৰ মাজত চাৰিদিন বিমান যুদ্ধ চলিছিল। আৰু ১০ মে'ত যুদ্ধ-বিৰতি হৈছিল। 

নেশ্যনেল ৱাৰ মেমৰিয়েল'ৰ ৱেবছাইটত প্রকাশ পোৱা শ্বহীদ জোৱানকেইজন হৈছে, লেন্সনায়ক দীনেশ কুমাৰ (৫ ফিল্ড ৰেজিমেন্ট), এভিয়েটৰ মুড মুৰলীনায়ক (৮৫১ লাইট ৰেজিমেন্ট), ছার্জেন্ট সুৰেন্দ্ৰ কুমাৰ (৩২ উইং, ভাৰতীয় বায়ু সেনা), চুবেদাৰ মেজৰ পৱন কুমাৰ (মুখ্য কার্যালয়, ১০ ইনফেন্ট্রি ব্রিগেড), ৰাইফলমেন সুনীল কুমাৰ (৪ জম্মু-কাশ্মীৰ লাইট ইনফেন্ট্রি) আৰু হাৱালদাৰ সুনীল কুমাৰ সিং (২৩৭ ফিল্ড ৱৰ্কশ্বপ কোম্পানী)। ইয়াৰে ৰাইফলমেন সুনীল কুমাৰক মৰণোত্তৰভাৱে বীৰ চক্ৰ দিয়া হৈছিল। আনহাতে ছার্জেন্ট সুৰেন্দ্ৰ কুমাৰক মৰণোত্তৰভাৱে দিয়া হৈছিল বায়ু সেনা পদক।

Share This