ৰিণিকি ভূঞা শৰ্মাই এজাহাৰ দাখিল কৰা পাছতেই পৱন খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত ৰুজু হ’ল গোচৰ

Nikimoni Kachari April 06, 2026

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ প্ৰাকক্ষণত ৫ এপ্ৰিল ২০২৬ৰ দেওবাৰে দিল্লীত এক সংবাদমেল সম্বোধন কৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেড়াই। হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিশাল সম্পত্তিৰ তথ্য দিছিল পৱন খেড়াই। তেওঁ কৈছিল যে, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ আছে ৩খন দেশৰ পাছপ’ৰ্ট। কেৱল ইমানেই নহয়, আমেৰিকাৰ কোম্পানীত ৰিণিকিৰ আছে ৫২ হেজাৰ কোটি টকা। 

পৱন খেড়াই এই অভিযোগ অনাৰ পাছতেই গৰম হৈ পৰে ৰাজ্যৰ ৰাজনীতি। তীব্ৰ সমালোচনাৰ সন্মুখীন হয় মুখ্যমন্ত্ৰীৰ পৰিয়াল। এই অভিযোগৰ পাছতেই 
বিশিষ্ট উদ্যোগী তথা মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাই নিশা ১২:৩০ বজাত পৱন খেড়াৰ বিৰুদ্ধে গোচৰ দিবলৈ হাজিৰ হয় ক্ৰাইম ব্ৰাঞ্চত।

তিনিখন ভিন্ন দেশৰ পাছপ’ৰ্ট থকা আৰু বিদেশত যথেষ্ট সম্পত্তিৰ মালিক বুলি খেৰাৰ অভিযোগৰ পাছতে এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়া আৰু আইনী দলৰ সৈতে আনুষ্ঠানিকভাৱে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে ৰিণিকি ভূঞা শৰ্মাই।

এই দাবীসমূহ সম্পূৰ্ণ মিছা আৰু প্ৰৰোচনামূলক বুলি তেওঁ খাৰিজ কৰে। তেওঁ কয় যে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ AI আৰু ফটোশ্বপ ব্যৱহাৰ কৰি তেওঁৰ বিৰুদ্ধে মিছা ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। বিষয়টোৰ তদন্ত কৰি সত্য উলিয়াই অনাৰ দায়িত্ব অসম আৰক্ষীক অৰ্পণ কৰে ৰিণিকি ভূঞা শৰ্মাই।

তেওঁ কয় যে '৫২ হাজাৰ কোটি টকা বিনিয়োগ কৰিলে মই অসমত কিয় থাকিম? এনে কথা হ’লে ৩-৪ খন ৰাজ্য মোৰ অধীনত থাকিবচোন।'
আইনীভাৱে সকলো আগবাঢ়িব বুলি মন্তব্য কৰি ৰিণিকি ভূঞা শৰ্মাই কয়, 'হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে কোনো এজেণ্ডা নাই। মোক ছফ্ট টাৰ্গেট হিচাপে ব্যৱহাৰ কৰিছে কংগ্ৰেছে।'

অসম আৰক্ষীৰ ক্রাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰি ভুৱা পাছপ’ৰ্ট প্ৰচাৰ কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই।

আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত আইনী মাধ্যমেৰে বিষয়টো আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি প্ৰায় ১:৩০ বজাত ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ৰ পৰা ওলাই যায় ৰিণিকি ভূঞা শৰ্মা।

ৰিণিকি ভূঞা শৰ্মাৰ এজাহাৰ দাখিলৰ পাছতেই কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত ৰুজু হ’ল গোচৰ। 
 
04/26 নম্বৰত ক্ৰাইম ব্ৰাঞ্চে ৰুজু কৰিলে গোচৰ।  BNSৰ প্ৰায় ১২টাকৈ ধাৰাৰ অধীনত পৱন খেৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This