ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশত বাবৰী মছজিদ-ৰাম মন্দিৰ বিষয়টো সমাধান হ'ল যদিও এই বিষয়টোৱে এইবাৰ শিপা মেলিছে পশ্চিম বংগত। ৰাজ্যখনত মন্দিৰ-মছজিদ কেন্দ্রিক কিছু কাম আৰু ঘোষণাৰ পৰিপ্ৰেক্ষিতত এতিয়া ই এখন 'ধর্মযুদ্ধ'লৈ পৰ্যবসিত হোৱাৰ আশংকাই দেখা দিছে। কোনো নেতাই পশ্চিম বংগত যদি বাবৰী মছজিদৰ আৰ্হিৰ মছজিদ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছে, কোনো নেতাই আকৌ কৰিছে ৰাম লালা মন্দিৰৰ ভূমি পূজন। আকৌ কোনো সংগঠনে যদি আয়োজন কৰিছে লক্ষাধিকৰ গীতা পাঠৰ, তেন্তে আন কোনো নেতাই ঘোষণা কৰিছে লক্ষাধিকৰ কোৰান পাঠৰ পৰিকল্পনাৰ কথা। কালি পশ্চিম বংগৰ মুর্শিদাবাদ জিলাৰ বেলডাংগাত তৃণমূল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবীৰে অযোধ্যাৰ বাবৰী মছজিদৰ আৰ্হিত নিৰ্মাণ কৰিবলগীয়া মছজিদৰ আধাৰশিলা স্থাপন কৰে। কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত অনুষ্ঠানটোত উপস্থিত ৰাইজে ধ্বনি দিয়ে 'নাৰা-এ-তকবীৰ', 'আল্লাহু আকবৰ'।
পশ্চিম বংগৰ বিভিন্ন জিলাৰ পৰা উক্ত অনুষ্ঠানলৈ অহা ২ লক্ষাধিক লোকে কিছুৱে নিজৰ মূৰত, কোনোৱে ট্ৰেক্টৰ-ট্রলীত আৰু কোনোৱে ৰিক্সা নাইবা ভেনত ইটা লৈ উক্ত স্থানত উপস্থিত হৈছিল। উল্লেখযোগ্য যে ১৯৯২ চনৰ অযোধ্যাৰ বাবৰী মছজিদ ধ্বংস কৰা দিনটোতে শনিবাৰে পশ্চিম বংগৰ মুর্শিদাবাদৰ বেলডাংগাত বাবৰী মছজিদৰ আৰ্হিৰ মছজিদৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ২৫ নৱেম্বৰতে কবীৰে ঘোষণা কৰিছিল যে বাবৰী মছজিদ ধ্বংসৰ ৩৩ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে তেওঁ ৬ ডিচেম্বৰত বাবৰী মছজিদৰ আৰ্হিৰ মছজিদৰ আধাৰশিলা স্থাপন কৰিব। তেওঁক ৪ ডিচেম্বৰত তৃণমূল কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছিল। উল্লেখযোগ্য যে শুকুৰবাৰে কলকাতা উচ্চ ন্যায়ালয়ে এই মছজিদৰ আধাৰশিলা স্থাপনৰ বিষয়ত হস্তক্ষেপ কৰিবলৈ অমান্তি হৈছিল। ইফালে কালি ৬ ডিচেম্বৰৰ ঐতিহাসিক দিনটোতে বিধায়ক হুমায়ুন কবীৰে বাবৰী মছজিদৰ আৰ্হিৰ মছজিদৰ আধাৰশিলা স্থাপন কৰাৰ বিপৰীতে পশ্চিম বংগৰ বিজেপিৰ নেতা শাখাৰ সৰকাৰ আৰু বিজেপিৰ এটা গোটে পশ্চিম বংগত অযোধ্যাৰ ৰাম লালা মন্দিৰৰ আর্হিত নিৰ্মাণ কৰিবলগীয়া মন্দিৰৰ ভূমি পূজা আৰু শিলা প্রতিষ্ঠা কৰে।
মুর্শিদাবাদৰ বিজেপি নেতা সৰকাৰে কয়, 'মই ইতিমধ্যে কৈছিলোঁ যে ৬ ডিচেম্বৰত আমি ৰাম লালা মন্দিৰ স্থাপনৰ নীতি-নিয়ম সম্পন্ন কৰিম। আমি বেহৰামপুৰত অযোধ্যাৰ ৰাম লালা আৰ্হিৰ মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ। ৰাম মন্দিৰ দাতব্য ন্যাস গঠন কৰি আমি আজি শিলা প্রতিষ্ঠা সম্পন্ন কৰিলোঁ। বেহৰামপুৰৰ এই মন্দিৰটো অতি বৃহৎ মন্দিৰ হ'ব আৰু ইয়াত এখন চিকিৎসালয় তথা এখন বিদ্যালয় থাকিব।' উল্লেখযোগ্য যে ৩০০ কোটি টকা বিনিয়োগৰ পৰিকল্পনা কৰা মুৰ্শিদাবাদৰ বেলডাংগাৰ মছজিদ কমপ্লেক্সত এখন চিকিৎসালয়, এখন মেডিকেল কলেজ, এখন বিশ্ববিদ্যালয়, এখন হোটেল আৰু এটা হেলিপেড থাকিব বুলি কালি হুমায়ুন কবীৰে জনাইছিল।