ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওঁতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ

Rashmi June 14, 2025

ডিজিটেল ডেস্কঃ  আহমেদাবাদৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিটো পৰিয়ালৰ কাহিনী এতিয়া চৰ্চালৈ আহিছে। এই দুৰ্ঘটনাত এগৰাকী ছোৱালীৰ মৃত্যু হৈছে, যাৰ পিতৃয়ে তেওঁক ৰিক্সা চলাই পঢ়ুৱাইছিল আৰু লণ্ডনত কাম কৰিব পৰাকৈ সক্ষম কৰি তুলিছিল।

বৃহস্পতিবাৰে বিয়লি আহমেদাবাদ বিমানবন্দৰৰ সমীপত যেতিয়া বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়, তেতিয়া সেই দুৰ্ঘটনাত ২৭৪ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে তেওঁলোকৰ পৰিয়ালবোৰ থানবান হৈ পৰিল। আহমেদাবাদৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ মাজত ৰাজস্থানৰ পায়েল খাটিকৰ কাহিনীয়েও চৰ্চা লাভ কৰিছে। 
তেওঁলোকে গুজৰাটৰ হিম্মতনগৰত বাস কৰিছিল।

পায়েল খাটিকৰ দেউতাকে ৰিক্সা চলাইছিল আৰু সেই সামান্য উপাৰ্জনেৰেই পায়েলক শিক্ষা-দীক্ষাৰে আগবঢ়াই নিছিল। প্ৰথমবাৰৰ বাবে বিমানত উঠি লণ্ডনলৈ গৈছিল পায়েল। পায়েলৰ পিতৃয়ে আজীৱন সংগ্ৰামৰ ফল লাভ কৰিবলৈ ওলাইছিল কিন্তু নিয়তিয়ে লিখি থৈছিল অন্য কাহিনী।  লণ্ডনৰ এক ব্যক্তিগত কোম্পানীত কাম কৰিবলৈ সেই অভিশপ্ত বিমানখনত উঠিছিল পায়েল। 

বিমানখন উৰা মৰাৰ ৫ মিনিটৰ ভিতৰতে দুৰ্ঘটনাত পতিত হয় আৰু ২৭৪জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ মাজতো পায়েল খাটিকো আছিল। পায়েলৰ অকাল মৃত্যুত শোকত ভাগি পৰিছে পৰিয়াল আৰু অঞ্চলবাসী।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This