জ্বলন্ত বিমানৰ পৰা খোজেৰে ওলাই আহিল বিশ্বকুমাৰ ৰমেশ

dainik janambhumi June 13, 2025

ডিজিটেল ডেস্ক : ৰাখে হৰি মাৰে কোনে...? মৃত্যুৰ দুৱাৰ-ডলিৰ পৰা ঘূৰি আহিল অভিশপ্ত বিমানখনৰ এগৰাকী যাত্রী। মৃত্যুক সম্মুখৰ পৰা প্ৰত্যক্ষ কৰিও সুকলমে ঘূৰি আহিল এজন যুৱক। এয়াৰ ইণ্ডিয়াৰ বিমানখনেৰে তেওঁ যাত্ৰা কৰিছিল লণ্ডনলৈ বুলি। কিন্তু যাত্রা আৰম্ভ হোৱাৰ কেইমিনিটমানৰ পাছতেই সংঘটিত হ'ল ভয়ংকৰ ঘটনাটো, যিটো ঘটনাত জ্বলি ছাই হৈ গ'ল বিমানখন। কিন্তু তাৰ মাজতেই পোহৰলৈ আহিল এটা দৃশ্য। ঘটনাস্থলীৰ পৰা বগা টি-ছাৰ্ট পৰিহিত এজন আহত যুৱক খোজেৰেই আগবাঢ়িছে। দেহৰ কিছু স্থানত আঘাতৰ চিন। পাছত জানিব পৰা গ'ল যে বিশ্বকুমাৰ ৰমেশ নামৰ এই যুৱকজন আছিল অভিশপ্ত বিমানখনৰ ১১ এ আসনৰ যাত্রী। 

সম্প্রতি চিকিৎসাধীন হৈ থকা ৰমেশে পুনৰ জনম লাভ কৰাৰ কথা ব্যক্ত কৰি উল্লেখ কৰিছে যে বিমানখনে যাত্ৰা আৰম্ভ কৰাৰ খন্তেক পাছতেই কাণতাল মৰা এটা শব্দ শুনিবলৈ পালোঁ। কি হ'ল একো ধৰিব পৰা নাছিলোঁ। অতি দ্রুতগতিত ঘটনাবোৰ ঘটি গ'ল। যেতিয়া সম্বিৎ ঘূৰি আহিল চৌদিশে মৃতদেহ সিঁচৰতি হৈ থকা দেখিছিলোঁ। বিমানখনৰ বিভিন্ন অংশ জ্বলি আছিল। কিবা কৰি তাৰ পৰা উঠি অহাৰ পাছত কোনোবাই মোক এম্বুলেন্সত তুলি দিলে। 

উল্লেখযোগ্য যে সম্প্রতি ব্রিটেইনৰ বাসিন্দা ৰমেশ কেইদিনমানৰ বাবে গুজৰাটত থকা পৰিয়ালৰ আন সদস্যসকলৰ ওচৰলৈ আহিছিল। বিগত বিছ বছৰ ধৰি লণ্ডনত বাস কৰা ৰমেশৰ জেপত পোৱা গৈছে তেওঁৰ বৰ্ডিং পাছখনৰ লগতে ম'বাইল ফ'নটোও। উল্লেখযোগ্য যে ৰমেশৰ সৈতে তেওঁৰ ভাতৃ অজয় কুমাৰো লণ্ডনলৈ বুলি গৈছিল। বিমানত দুয়ো ভাতৃৰে বহা আসন সুকীয়া সুকীয়া স্থানত আছিল। পিছে অজয় কুমাৰক ভাগ্যই লগ দিয়া নাছিল। তেওঁৰ ইতিমধ্যে মৃত্যু ঘটিছে।

Share This