মৃত পত্নীৰ শেষ ইচ্ছা পূৰণ কৰি লণ্ডন গৈ নাপালে স্বামী, আহমেদাবাদৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱকে

Kakali Deka June 13, 2025

ডিজিটেল ডেস্কঃ আহমেদাবাদত সংঘটিত অভিশপ্ত বিমান দুৰ্ঘটনাত জীৱন্তে জ্বলি শেষ হʼল প্ৰায় ২৪১গৰাকী যাত্ৰী। তাৰ পাছতে পোহৰলৈ আহিছে বহুতো ন ন দু:খজনক কাহিনী, প্ৰত্যেকটো কাহিনীয়েই অতি  হৃদয়বিদাৰক। 

ইয়াৰ ভিতৰত আছে আন এটা  ট্ৰেজিক কাহিনী। মৃত পত্নীৰ শেষ ইচ্ছা পূৰণ কৰিবৰ বাবে লণ্ডনৰ পৰা আহমেদাবাদলৈ আহিছিল এজন লোক।  লোকজনে  দুগৰাকী কণমানি কন্যাক লণ্ডনতে এৰি থৈ আহিছে। গুজৰাটৰ আমৰেলী জিলাৰ ৱাদিয়া গাঁৱৰ  তথা বৰ্তমানৰ লণ্ডনৰ বাসিন্দা অৰ্জুনভাই মনুভাই পাটোলীয়া । কিছুদিন আগত  লণ্ডনত তেওঁৰ পত্নীৰ মৃত্যু হৈছিল। পত্নীৰ শেষ ইচ্ছা আছিল তেওঁৰ অস্থি  তেওঁৰ  গাঁৱৰ পানীত বিসৰ্জন দিয়াটো। সেয়েহে মৰমৰ পত্নীৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ আহমেদাবাদলৈ আহিছিল অৰ্জুন। 

পৰিয়ালৰ পৰা জানিব পৰা মতে, ধৰ্মীয় ৰীতি-নীতি সমূহ পালন কৰি পত্নীৰ ইচ্ছামতে গাঁৱৰ নদীত পত্নীৰ অস্থি  বিসৰ্জন দিছিল । 

তাৰ পাছতেই অৰ্জুনে এই অভিশপ্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনত উঠি লণ্ডনলৈ উভতিছিল । আহমেদাবাদত বিমানখন উৰণৰ কেইমুহূৰ্তমানৰ  পাছতেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ বাকী যাত্ৰীসকলৰ লগতে  তেওঁৰো প্ৰাণ যায়।

 আমৰেলীত অৰ্জুনভাইৰ মৃত্যুৰ খবৰে তেওঁৰ পৰিয়ালৰ লোকক  শোকবিহ্বল কৰি তোলাৰ লগতে ৱাদিয়া গাঁৱত শোক ছাঁ পৰিছে ।

Share This