কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা, আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনাত পতিত অসমৰ যুৱতী 

Rashmi June 12, 2025

ডিজিটেল ডেস্ক : আজি আহমেদাবাদত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। বিমানখনে এটা অট্টালিকাত খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমানখনে যিটো অট্টালিকাত খুন্দা মাৰিছিল সেয়া আছিল আহমেদাবাদ মেডিকেল কলেজৰ এটা হোষ্টেল। দুৰ্ঘটনাটোৰ সময়ত কলেজৰ হোষ্টেলত বহু সংখ্যক শিক্ষাৰ্থী উপস্থিত আছিল। 

উল্লেখযোগ্য যে বিমানখনে পোনে পোনে গৈ খুন্দা মাৰিছিল প্ৰায় ১১ বছৰ পুৰণি অট্টালিকাটোত। এই দুৰ্ঘটনাত প্ৰায় ১২গৰাকী শিক্ষাৰ্থী আহত হোৱা বুলি জানিব পৰা গৈছে। 

এই ১২গৰাকী শিক্ষাৰ্থীৰ ভিতৰত আছিল অসমৰ এগৰাকী মেডিকেল শিক্ষাৰ্থী। শিক্ষাৰ্থীগৰাকীৰ নাম ৰুক্মিণী বৰুৱা বুলি জানিব পৰা গৈছে। অৱশ্যে ছাত্ৰীগৰাকী আঘাতপ্ৰাপ্ত হোৱা নাই। ছাত্ৰীগৰাকীয়ে সদৰী কৰা মতে চকুৰ সন্মুখতে বিমানখনে অট্টালিকাটোত খুন্দা মাৰিছিল।

Share This