ডিজিটেল ডেস্ক : ৰেস্তোৰাঁ ইণ্ডাষ্ট্ৰিত দেশজুৰি চলোৱা এটা তদন্তত বৃহৎ পৰিমাণ ধনৰ কৰ ফাঁকিৰ তথ্য পোহৰলৈ আহিছে। ২০১৯-২০ চনৰ ভিতৰত বিভিন্ন ৰাজ্যত হোৱা প্রায় ৭০ হাজাৰ কোটি টকাৰ বিক্ৰী লুকোওৱাৰ তথ্য পোহৰলৈ আহিছে। যোৱা বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা তেলেংগানাৰ বিৰিয়ানী ৰেস্তোৰাঁসমূহত নিয়মীয়া তালাচী চলোৱা আৰম্ভ হৈছিল আৰু ইয়াৰ পাছতেই দেশজুৰি চলি থকা কৰ ফাঁকিৰ চক্ৰটোৰ তথ্য পোহৰলৈ আহে। আয়কৰ বিভাগে চলোৱা তদন্তত মুকলি হয় যে ৰেস্তোৰাঁসমূহে নিজৰ টাৰ্নঅ'ভাৰ লুকুৱাই ৰাখে এটা জনপ্রিয় ভাৰতজুৰি থকা বিলিং ছফ্টৱে'ৰ প্লেটফৰ্মৰ জৰিয়তে।
২০১৯-২০ৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষত প্রায় ৬০খন ৰেস্তোৰাঁ কোম্পানীয়ে নিজৰ বিক্ৰী লুকুৱাই ৰাখে। আয়কৰ বিভাগে প্রকাশ কৰা মতে, এক লাখতকৈ অধিক ৰেস্তোৰাঁই এই তথ্য লুকুৱাই ৰাখে। ভাৰতৰ ৰেস্তোৰাঁ ইণ্ডাষ্ট্ৰিৰ দহ শতাংশই এই কৰ ফাঁকি দি অহাৰ তথ্য উদঘাটন হৈছে। দেশৰ উচ্চ চাহিদাৰ বিৰিয়ানী ৰেস্তোৰাঁসমূহত এই বিক্ৰীৰ টাৰ্নঅভাৰ লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে। ৰেস্তোৰাঁসমূহত সন্দেহ বিলিং প্রক্রিয়া প্রত্যক্ষ কৰাৰ পাছতেই আয়কৰ বিভাগে তদন্ত জোৰদাৰ কৰে। হায়দৰাবাদ, বেংগালুৰু, চেন্নাই আৰু মুম্বাইৰ দৰে অধিক বিৰিয়ানী বিক্ৰী হোৱা মহানগৰসমূহত যোৱা ছটা বছৰে এই বৃহৎ পৰিমাণৰ ধনৰ কৰ ফাঁকি দি অহা হৈছিল। এই সময়ছোৱাৰ ভিতৰত ২.৪৩ লাখ কোটি টকাৰ মুঠ বিলিং হৈছিল। ইয়াৰ পাছতে বিলিঙৰ ১৩,৩১৭ কোটি টকাৰ তথ্য মচি দিয়া হয়। এই কথাই প্রতিপন্ন কৰিছে যে বিক্ৰীৰ ডাটা প্ৰণালীবদ্ধভাৱে অসৎ উপায়েৰে নাইকিয়া কৰা হৈছে।
হায়দৰাবাদৰ আয়কৰ ভৱনত থকা বিভাগটোৰ ডিজিটেল লেবত বিলবোৰৰ ফৰেনছিক পৰীক্ষা চলোৱা হয়। লক্ষণীয় বিষয়টো হ'ল, দেশৰ ১.৭৭ লাখখন ৰেস্তোৰাঁৰ আই ডি, জি এছ টি নম্বৰ আৰু পেনৰ সৈতে সংযোগ কৰি কৃত্রিম বুদ্ধিমত্তা (এ আই) আৰু এ আই সঁজুলিৰে ডাটাবোৰ মূল্যায়নেৰে তদন্তকাৰী সকলে এই বৃহৎ কেলেংকাৰিটো ফাদিল কৰে। আয়কৰ বিষয়াসকলে ইয়াৰ পাছত মন্তব্য কৰে যে বিলিঙৰ তথ্য লুকুৱাই কৰ ফাঁকি দিয়া প্রতিষ্ঠানবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু সমগ্ৰ দেশৰ ৰেস্তোৰাঁ কোম্পানীবোৰৰ ওপৰত কাঢ়া নজৰ ৰাখিছে আয়কৰ বিভাগে।