ডিজিটেল ডেস্ক : 'কৃত্রিম বুদ্ধিমত্তাই (এ আই) বিচাৰ ব্যৱস্থাত সহায় কৰিব পাৰে, কিন্তু বিচাৰৰ ৰায় দিব নোৱাৰে।' এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ বিক্রম নাথৰ। বেংগালুৰুত অনুষ্ঠিত উচ্চতম ন্যায়ালয় বাৰ্ এছ'চিয়েশ্যনৰ ৰাষ্ট্ৰীয় অধিৱেশনত ভাষণ দি তেওঁ এইদৰে কয়।
'প্রত্যাহ্বান, উদ্ভাৱন আৰু আইনী শাসন প্রক্রিয়াত এ আই' শীর্ষক বিষয়ত ভাষণ দি ন্যায়াধীশ নাথে কয় যে গোচৰৰ ৰায়দান প্রক্রিয়াত কেতিয়াও এ আই ন্যায়াধীশৰ বিকল্প হ'ব নোৱাৰে। কোনো এটা গোচৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা আৰু ৰায় লিখি উলিওৱাৰ দায়বদ্ধতা কেৱল ন্যায়াধীশৰ হাততহে থাকে।
তেওঁ কয় যে বিচাৰ প্ৰক্ৰিয়াত এ আই এবিধ সহায়কাৰী সঁজুলি হিচাপে ব্যৱহাৰ হ'ব পাৰে, কিন্তু ই ৰায় সলাব নোৱাৰে আৰু কি সিদ্ধান্ত ল'ব লাগে তাৰ বিষয়ত ন্যায়াধীশৰ মন সলাব নোৱাৰে।