আমেৰিকাৰ লগত আপোচক ধিক্কাৰ দি শ্ল'গান, 'এ আই ছামিট'ত টী-ছাৰ্ট খুলি কংগ্ৰেছীৰ প্ৰতিবাদ

dainik janambhumi February 21, 2026

ডিজিটেল ডেস্ক: যুৱ কংগ্ৰেছৰ একাংশ সদস্যই কালি ইয়াৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হৈ থকা ইণ্ডিয়া এ আই ইম্পেক্ট ছামিটত টি-ছার্ট খুলি কৰা প্ৰতিবাদক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। যুৱ কংগ্ৰেছৰ ১৫-২০জন সদস্যই ভাৰত-আমেৰিকা বাণিজ্য চুক্তিক লৈ এইদৰে অভিনৱ প্ৰতিবাদ কৰে। 

ইফালে যুৱ কংগ্ৰেছৰ প্ৰতিবাদক লৈ দেশৰ ৰাজনৈতিক মহলত তীব্ৰ প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰতিবাদৰ সময়ত যুৱ কংগ্ৰেছৰ কৰ্মীসকলে পিন্ধি থকা বগা টি-ছার্ট খুলি দুয়ো হাতেৰে শীৰ্ষ সন্মিলনৰ স্থানত প্রতিবাদ কৰে। টি-ছার্টত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ ফটো আছিল আৰু ইয়াত 'পি এম ইজ কম্প্রমাইজ্ড' (প্রধানমন্ত্রীয়ে আপোচ কৰিছে) বুলি লিখা আছিল। দিল্লী পুলিচে প্রকাশ কৰা মতে, প্রতিবাদকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হৈছে আৰু ইয়াত ভাগ লোৱা যুৱ কংগ্ৰেছৰ কেইবাজনো নেতা-কর্মীক গ্ৰেপ্তাৰ কৰা হৈছে। প্রতিবাদ কালি দুপৰীয়া প্রায় ১২-৩০ বজাত হোৱা বুলি পুলিচে প্রকাশ কৰে।

দিল্লী পুলিচে জনোৱা মতে, প্রতিবাদকাৰীকেইজনে শীর্ষ সন্মিলনৰ স্থানত প্রৱেশ কৰা বাবে অনলাইনযোগে নিজৰ নাম পঞ্জীয়ন কৰোৱায় আৰু কিউ আৰ ক'ড স্কেন কৰি শীৰ্ষ সন্মিলনস্থলীত প্ৰৱেশ কৰে। তেওঁলোকে ওপৰত জেকেট আৰু ছুৱেটাৰ পিন্ধি আছিল আৰু তাৰ তলত টি-ছার্ট পৰিধান কৰি আহিছিল। প্রদর্শনী হল নম্বৰ ৫ৰ কাষত তেওঁলোকে জেকেট আৰু ছুৱেটাৰ খোলে আৰু টি-ছার্ট জোকাৰি প্ৰতিবাদ কৰে। তেওঁলোকে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী বিৰোধী শ্ল'গানো দিয়ে। প্রতিবাদৰ সময়ত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হয়, কিন্তু যুৱ কংগ্ৰেছৰ কর্মীসকলে শান্তিপূর্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে যুৱ কংগ্ৰেছৰ প্ৰতিবাদক বিভিন্ন ৰাজনৈতিক দলে সমালোচনা কৰিছে। কংগ্ৰেছে প্রতিবাদক সমর্থন কৰাৰ বিপৰীতে বিজেপিয়ে এই ঘটনাৰ বাবে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে বুলি দাবী কৰে। 

প্ৰতিবাদক সমৰ্থন কৰি ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিবে কয় যে আজি এ আই শীর্ষ সন্মিলনৰ মঞ্চত দেশৰ যুৱকসকলে কৰা প্ৰতিবাদে এই কথা স্পষ্ট কৰি দিয়ে যে তেওঁলোক এতিয়া মৌন হৈ নাথাকে। তেওঁ কয় যে 'পি এম ইজ কম্প্রমাইজ্ড' কেৱল এটা শ্ল'গানেই নহয়, দেশৰ কোটি কোটি যুৱক-যুৱতীৰ মনত থকা ক্ষোভ প্রকাশ কৰিছে ইয়াৰ দ্বাৰা। তেওঁ কয় যে আমেৰিকাৰ সৈতে প্ৰস্তাৱিত বাণিজ্য চুক্তি কৃষক আৰু সাধাৰণ জনতা বিৰোধী আৰু ইয়াৰ জৰিয়তে একপক্ষীয়ভাৱে আমেৰিকা লাভৱান হ'ব। 

গণতন্ত্রত শান্তিপূর্ণ প্রতিবাদ প্রতিজন নাগৰিকৰ অধিকাৰ বুলি উল্লেখ কৰি তেওঁ কয় যে সংগঠনটো এ আই শীর্ষ সম্মিলনৰ বিৰোধী নহয়, কিন্তু ভাৰতৰ স্বাৰ্থৰ সৈতে বুজাপৰা কৰা নীতিগত সিদ্ধান্তৰ বিৰোধী। ইফালে বিজেপিয়ে কয় যে কংগ্ৰেছে ষড়যন্ত্ৰ কৰি আন্তঃৰাষ্ট্ৰীয় শীর্ষ সন্মিলনত ভাৰতৰ প্ৰতিচ্ছবি ম্লান কৰিলে। বিজেপিৰ নেতা সম্বিত পাত্ৰৰ মতে এই ষড়যন্ত্র ৰচনা কৰা হৈছিল লোক সভাত বিৰোধী দলপতি ৰাহুল গান্ধীৰ বাসভৱনত আৰু সেই সময়ত তাত দলটোৰ নেত্ৰী ছোনিয়া গান্ধী আৰু প্রিয়ংকা গান্ধী ভদ্রাও উপস্থিত আছিল। কেন্দ্রীয় মন্ত্রী পীয়ূষ গোৱেলে কয় যে ই কংগ্ৰেছৰ অহংকাৰ আৰু হতাশাক প্ৰদৰ্শন কৰিলে। তেওঁ কয় যে ৰাহুল গান্ধীৰ বাবে দেশক অপমানিত কৰাটোৱেই চৰকাৰক লক্ষ্য কৰি লোৱাৰ উপায়। 

ইফালে ইণ্ডিয়া ব্লকত কংগ্ৰেছৰ সহযোগী দল সমাজবাদী পার্টিয়েও যুব কংগ্ৰেছৰ প্ৰতিবাদক সমালোচনা কৰিছে। সমাজবাদী পার্টিৰ নেতা এছ টি হাছানে কয় যে প্ৰতিবাদৰ বাবে আন স্থান বাছি লোৱা উচিত আছিল। অতিথিসকলৰ আগত এনে ধৰণৰ প্ৰতিবাদ কৰাটো উচিত নাছিল। আনহাতে আৰ জে ডিৰ সাংসদ মনোজ ঝাই কয় যে দেশৰ ক্ষোভ আছে আৰু এই ক্ষোভৰ বিভিন্ন ক্ষেত্ৰত সৃষ্টি হৈছে, কিন্তু তেওঁৰ মতে, এনেধৰণৰ শীৰ্ষ সন্মিলনত প্রতিবাদ কৰা উচিত নহয়।

Share This