শীঘ্ৰেই ভাৰতৰ আকাশত 'এ আই' টেক্সী সেৱা

dainik janambhumi February 21, 2026

ডিজিটেল ডেস্ক : অতি সোনকালে ভাৰতত আৰম্ভ হ'ব এয়াৰ টেক্সী সেৱা। ভাৰতীয় আকাশত উৰিব প্ৰথমবাৰৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰে (এ আই) পৰিচালিত এয়াৰ টেক্সী। নতুন দিল্লীৰ ভাৰত মণ্ডপমত হৈ থকা ভাৰত এ আই ইম্পেক্ট ছামিট-২০২৬ত এই এ আই শক্তিচালিত এয়াৰ টেক্সী প্রদর্শন কৰা হয়। এই পৰিবহণ ব্যৱস্থাটো এসময়ত বিজ্ঞানৰ কল্পভিত্তিক কাহিনীতহে দেখা গৈছিল যদিও ভাৰতত এইটো বাস্তৱত পৰিণত হ'বলৈ অগ্ৰসৰ হৈছে। থলুৱাভাৱে বিকশিত কৰা এয়াৰ টেক্সী সেৱা ভাৰতে প্রৱর্তন কৰিবলৈ প্রস্তুতি চলাইছে। আই আই টি মাদ্রাজৰ সৈতে সহযোগিতা কৰি ভাৰতীয় ই প্লেন কোম্পানীয়ে এই এয়াৰ টেক্সী বিকশিত কৰিছে।

যান-জঁট থকা মহানগৰসমূহত ভ্ৰমণৰ সময় হ্রাস কৰিবলৈ ডিজাইন কৰা হৈছে এই ইলেক্ট্রিক ভার্টিকেল টেক-অফ আৰু লেন্ডিং কৰা (ই-ভি টি অ'এল) (উলম্বভাৱে উৰণ আৰু অৱতৰণ) এয়াৰ টেক্সী সেৱাৰ মুকলি কৰিব ভাৰতে। আন প্রচলিত বিমানৰ দৰে এই ই-ভি টি অ' এলক উৰণ আৰু অৱতৰণৰ বাবে ৰানবে'ৰ প্ৰয়োজন নহ'ব। এই এয়াৰ টেক্সীয়ে উলম্বভাৱে উৰণ আৰু অৱতৰণ কৰিব পাৰিব আৰু ঘন বসতিপূর্ণ চুবুৰীয়া পৰিৱেশতো এই আকাশী পৰিবহণ ব্যৱস্থা উপযোগী হ'ব। কোম্পানীটোৱে দাবী কৰা মতে, এই এয়াৰ টেক্সীবে ৮ মিনিটত ৩৬ কিল'মিটাৰ আকাশী দূৰত্ব অতিক্ৰম কৰিব পৰা যাব। উদাহৰণ স্বৰূপে বেংগালুৰুৰ কেম্পেৰগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ইউ বি চিটিলৈ পথেৰে সময় লাগে দুঘণ্টা আৰু অ'লা বা উবেৰেৰে গ'লে প্রায় এহেজাৰ টকা ব্যয় হয়। কিন্তু এই একেই দূৰত্ব আকাশী পথেৰে এয়াৰ টেক্সীৰ জৰিয়তে মাত্র আঠ মিনিটত ১৭০০ টকা ভাৰা দি যাব পাৰিব ভ্রমণকাৰীয়ে। এই এয়াৰ টেক্সীৰ অন্য এটা গুৰুত্বপূর্ণ বৈশিষ্ট হ'ব যে এটা চার্জটে কেইবাটাও স্থানত ষ্ট'পেজ কৰিব পৰা হ'ব। প্রতিটো অৱতৰণৰ পাছত ৰিচাৰ্জ কৰাৰ প্ৰয়োজন নহ'ব। একেটা বেটাৰী চাৰ্জটে বহুকেইটা স্থানত এয়াৰ টেক্সীখন অৱতৰণ কৰিব পাৰিব। আনহাতে, প্রচলিত বিমান বা হেলিকপ্টাৰৰ দৰে উচ্চ প্রাবল্যৰ শব্দৰ সৃষ্টি নকৰে এই ইলেক্ট্রিক এয়াৰ টেক্সীয়ে।

ই-ভি টি অ' এলে ১২০ ডেচিবলৰ তলতহে শব্দৰ সৃষ্টি কৰিব। সেইবাবে পৰম্পৰাগত ৰানবে' নোহোৱাকৈ চহৰীয়া লেন্ডিং পেডবোৰত এইখন অৱতৰণ কৰিব পাৰিব। কোম্পানীটোৰ প্ৰতিষ্ঠাপক বিকল্প মিট্রালে কয় যে ইন্ধন-ভিত্তিক হোৱাৰ বাবে হেলিকপ্টাৰবোৰ পৰিচালন আৰু চোৱা-চিতা কৰিবলৈ যথেষ্ট ব্যয়বহুল হয়। কিন্তু এই ই-ভি টি অ' এল বেটাৰী পৰিচালিত হোৱাৰ বাবে ইয়াত ইন্ধনৰ আৱশ্যক নহ'ব আৰু তুলনামূলক ইয়াৰ দ্বাৰা ভ্রমণ কম খৰচী হ'ব। মিট্রালে কয় যে আই আই টি মাদ্রাজৰ তত্ত্বাৱধানত এই ই-এয়াৰ টেক্সী সম্পূর্ণ থলুৱাভাৱে ভাৰতত নিৰ্মাণ কৰা হৈছে। ভাৰতত ইতিমধ্যে এই এয়াৰ টেক্সীৰ প্রামাণীকৃত কৰা হৈছে আৰু শীঘ্রেই ভাৰতৰ আকাশত উৰিব ই-ভি টি অ' এল।

Share This