ডিজিটেল ডেস্ক : আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান এখনৰ যাত্রা মঙলবাৰে 'পৰিচালন সমস্যাসমূহ'ৰ বাবে বাতিল কৰিবলগীয়া হয়। এগৰাকী বিষয়াই এই কথা সদৰী কৰে। এ আই-১৫৯ বিমানখন মঙলবাৰে বিয়লি ৩ বজাত যাত্রা আৰম্ভ কৰাৰ কথা আছিল। ১২ জুনত এয়াৰ ইণ্ডিয়াৰ ১৭১ ক'ডৰ বিমানখন দুর্ঘটনাগ্রস্ত হোৱাৰ পাছত এই যাত্রাপথৰ বিমানখনে নতুন বিমান ক'ড এ আই ১৫৯ৰে সোমবাৰৰ পৰা যাত্ৰা কৰি আছে।
ইফালে, এয়াৰ ইণ্ডিয়াৰ ছানফ্রান্সিস্কো-মুম্বাই বিমানখনৰ এটা ইঞ্জিনত কাৰিকৰী বিজুতি কলকাতাত ধৰা পৰাত মঙলবাৰে পুৱা বিমানখনৰ যাত্রা বাতিল হয়। বিমানখনৰ যাত্রা বাতিলৰ পাছত বিমানযাত্রীসকলে তেওঁলোকৰ যাত্রাপথত সোনকালে উপনীত হ'বলৈ কর্তৃপক্ষক সৈমান কৰাৰ চেষ্টাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। বিমানখনৰ যাত্ৰী আৰু পৰিচালককে ধৰি মুঠ ২২৮জন যাত্রী আছিল। ইফালে, কোচিৰ পৰা দিল্লী অভিমুখী এখন ইণ্ডিগো বিমানে বোমাৰ ভাবুকি লাভ কৰাত বিমানখনৰ যাত্রাপথ মহাৰাষ্ট্ৰৰ নাগপুৰলৈ সলনি কৰিবলগীয়া হয়।
নাগপুৰৰ বিমান বন্দৰত বিমানখন বিশেষজ্ঞই তন্ন তন্নকৈ পৰীক্ষা কৰে আৰু বিশেষ একো নাপায়। সকলো যাত্রী সুৰক্ষিত আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি নাগপুৰৰ ডি চি পিয়ে প্রকাশ কৰে।