কভিডৰ পাছত দেশৰ বৃহত্তম সংকট বায়ু প্ৰদূষণ, লণ্ডনৰ প্ৰৱাসী ভাৰতীয় চিকিৎসকৰ উদ্বেগজনক তথ্য

dainik janambhumi December 27, 2025

ডিজিটেল ডেস্ক : সমগ্ৰ ভাৰততে বায়ু প্রদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে লণ্ডনৰ এগৰাকী বিশিষ্ট শ্বাস-প্রশ্বাস ৰোগৰ চিকিৎসকে মন্তব্য কৰিছে যে কভিড মহামাৰীৰ পাছত ভাৰতৰ আটাইতকৈ বৃহৎ স্বাস্থ্য সংকটৰ সৃষ্টি কৰিছে বায়ু প্রদূষণে। ব্রিটেইনৰ লিভাৰপুলত পালম'ন'লজিষ্ট হিচাপে কৰ্মৰত ভাৰতীয় মূলৰ ডাঃ মনীষ গৌতমে দেশৰ বায়ু প্ৰদূষণ বিষয়ত কয় যে যদি সময়মতে উচিত পদক্ষেপ গ্রহণ কৰা নহয়, তেন্তে ভাৰতৰ বায়ু প্ৰদূষণৰ সমস্যা দিনকদিনে বাঢ়ি গৈ অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব। 

তদুপৰি ব্রিটেইনৰ আন কেইবাজনো চিকিৎসকে আশংকা প্রকাশ কৰিছে যে প্রদূষিত বায়ুরে বহু অচিনাক্ত ৰোগৰ বীজাণু কঢ়িয়াই লৈ ফুৰে, যিবোৰে ভাৰতীয় মানুহৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্রতি অশনি সংকেত কঢ়িয়াই আনিছে। ভাৰতকে ধৰি কেইবাখনো দেশত যান-বাহন, বিমান পৰিবহণকে ধৰি নগৰীয়া পৰিবহণ ব্যৱস্থাই বিষাক্ত গেছৰ নিৰ্গমণ কৰি আহিছে। যিবোৰে ভাৰতত হৃদৰোগৰ লগতে অন্যান্য ৰোগ বৃদ্ধিত অৰিহনা যোগাইছে। ইফালে, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গডকাৰিয়েও যোৱা মঙলবাৰে দিল্লীৰ ৪০% বায়ু প্ৰদূষণৰ বাবে পৰিবহণ খণ্ডকে জগৰীয়া বুলি স্বীকাৰ কৰিছিল। তেওঁ কৈছিল যে জীবাশ্ম ইন্ধনৰ দহনৰ ফলতে বায়ু প্ৰদূষণৰ মাত্রা বৃদ্ধি পাইছে আৰু মন্ত্রী গডকাৰিয়ে জৈৱ ইন্ধনৰ ব্যৱহাৰত গুৰুত্ব দিছিল। সংসদৰ শেহতীয়া শীতকালীন অধিৱেশনৰ সময়তো দিল্লীৰ বায়ু প্রদূষণৰ বিষয়টোৱে স্থান পাইছিল। 

কিন্তু সংসদৰ অধিৱেশনত বায়ু প্রদূষণৰ সৈতে ৰোগৰ কোনো সম্পর্ক নাই বুলি প্রকাশ কৰিছিল। কিন্তু ব্রিটেইন নিৱাসী ডাঃ মনীষ গৌতমে প্রকাশ কৰা বক্তব্যই ভাৰতৰ বায়ু প্ৰদূষণৰ ভয়াৱহ দিশটোৰ লগতে ৰোগৰ ভয়াৱহতা সন্দৰ্ভত ভাবিবলৈ বাধ্য কৰিছে। তেওঁ কেছিল যে উত্তৰ ভাৰতত ইতিমধ্যেই লাখ লাখ লোকক বায়ু প্রদূষণে বৃহৎ ক্ষতি কৰিছে। গতিকে, চৰকাৰে শীঘ্ৰেই গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ নকৰিলে ই সমগ্ৰ দেশৰ জনতাকো ক্ষতি কৰিব। উল্লেখযোগ্য যে চলিত ডিচেম্বৰ মাহতে দিল্লীৰ হস্পিটেলত শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্রান্ত ৰোগীৰ সংখ্যা ৩০% বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত অধিকাংশই শিশু আৰু বয়োজ্যেষ্ঠ লোক। এনে পৰিস্থিতিত দেশৰ জনস্বাস্থ্য সুৰক্ষাৰ বাবে চৰকাৰৰ তাৎক্ষণিক পদক্ষেপৰ প্রয়োজন আহি পৰিছে।

Share This