ডিজিটেল ডেস্কঃ পাকিস্তানত ভাৰতৰ বিমান আক্ৰমণৰ পিছত এতিয়া আতংকিত হৈ পৰিছে পাকিস্তানী জনসাধাৰণ আৰু অপাৰেশ্যন সিন্দূৰৰ বিষয়ে জানিবলৈ ব্যগ্ৰ হৈ পৰিছে।
পহলগাম আক্ৰমণৰ পিছত ভাৰতে ‘অপাৰেশ্যন সিন্দূৰ’ৰ জৰিয়তে পাকিস্তানক কঠোৰ উত্তৰ দিছে। ভাৰতীয় সেনা বাহিনীয়ে যোৱা নিশা পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰত বিমান আক্ৰমণ চলায়। ভাৰতে গ্ৰহণ কৰা এই কাৰ্যৰ পিছত পাকিস্তানৰ জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে। এতিয়া পাকিস্তানৰ মানুহে গুগলত Air Strike, Indian Army, India আৰু Operation Sindoorৰ বিষয়ে বিচাৰিছে। পাকিস্তানৰ গুগলৰ ট্ৰেণ্ডে দেখুৱাইছে যে তেওঁলোকে এতিয়া সিন্দূৰ নামটোৰ অৰ্থ জানিব বিচাৰিছে।
ভাৰতীয় সেনাৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছতেই এতিয়া পাকিস্তানীসকলে সিন্দূৰৰ বিষয়ে জানিবলৈ বিচাৰিছে। এনে পৰিস্থিতিত পাকিস্তানৰ গুগলত মানুহে কি বিচাৰিছে জানো আহক...
পাকিস্তানীসকলে গুগলত অপাৰেশ্যন সিন্দূৰৰ বিষয়ে বিচাৰিছে। এতিয়া ছ’চিয়েল মিডিয়াত অপাৰেশ্যন সিন্দুৰ, ইণ্ডিয়া অপাৰেশ্যন সিন্দুৰ, সিন্দুৰ আক্ৰমণ, অপাৰেশ্যন সিন্দুৰ কি এই শব্দবোৰ বিচাৰি উলিওৱা হৈছে। ইয়াৰ বাহিৰেও তাত থকা মানুহে গুগলৰ সহায় লৈ সিন্দূৰৰ অৰ্থও জানিবলৈ বিচাৰিছে। পাকিস্তানৰ গুগলত ট্ৰেণ্ডিং হৈ আছে সিন্দূৰ কি, সিন্দুৰৰ অৰ্থ ইত্যাদি কীৱৰ্ড।
অপাৰেশ্যন সিন্দূৰৰ উপৰি পাকিস্তানীসকলে ভাৰতৰ বিষয়ে অহৰহ অনুসন্ধান চলাই আছে। গুগল ট্ৰেণ্ডছৰ প্ৰতিবেদন অনুসৰি ইণ্ডিয়া এটেক বাহাৱালপুৰ, ইণ্ডিয়া এটেক অন পাকিস্তান টুডে, ইণ্ডিয়া এটেক অন বাহাৱালপুৰ, ইণ্ডিয়া এটেকড অন পাকিস্তান, ইণ্ডিয়া ষ্ট্ৰাইকছ পাকিস্তানৰ দৰে কীৱৰ্ড সন্ধান কৰা হৈছে।
ইয়াৰ বাহিৰেও পাকিস্তানৰ জনসাধাৰণে পাকিস্তান সেনাবাহিনীৰ সন্দৰ্ভত অনুসন্ধান চলাই আছে।
উৎস প্ৰাগ নিউজ ডিজিটেল