ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেশ্যন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ

Rashmi October 09, 2025

ডিজিটেল ডেস্ক :  এয়াৰটেল বিজনেছে ভাৰতীয় ৰে’লৱে সুৰক্ষা পৰিচালনা কেন্দ্ৰৰ পৰা বহুবছৰীয়া চুক্তি লাভ কৰিছে যাৰ অধীনত ভাৰতৰ ৰে’লৱে নেটৱৰ্কৰ ডিজিটেল মেৰুদণ্ড সুৰক্ষিত কৰিবলৈ ই ব্যাপক, উদ্যোগৰ অগ্ৰণী নিৰাপত্তা সেৱা আগবঢ়াব।

দেশৰ ৰে'ল সেৱা এটা অতি গুৰুত্বপূর্ণ ৰাষ্ট্ৰীয় সম্পদ, য'ত দৈনন্দিন প্ৰায় ১৩,০০০ৰো অধিক ৰে'ল চলাচল কৰে, ২০ মিলিয়নৰো অধিক যাত্ৰীক সেৱা প্ৰদান কৰে আৰু দৈনন্দিন লক্ষাধিক ডিজিটেল লেনদেন সম্পন্ন কৰে। ইয়াৰ লগতে বছৰি ১.৫ বিলিয়ন টন মালবাহন পৰিবহণ কৰে। যাত্ৰীসকলৰ সংৱেদনশীল তথ্য, পেমেন্ট সম্পৰ্কীয় তথ্য, লগতে টিকট কটা, ৰে'ল অনুসৰণ, মালবাহন আৰু সংকেত ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় কাৰ্যনিৰ্বাহী তথ্য ভঁৰালসমূহ সুৰক্ষিত ৰখা অত্যন্ত জৰুৰী, বিশেষকৈ আজিৰ সময়ত যিহেতু চাইবাৰ অপৰাধ যথেষ্ঠ বৃদ্ধি পাইছে।

এয়াৰটেল বিজনেছে উন্নত আৰু কেন্দ্ৰীভূত সুৰক্ষা নিয়ন্ত্ৰণৰ সৈতে ৰে’লৱেৰ ডাটাবেছসমূহ সুৰক্ষিত কৰিবলৈ স্তৰযুক্ত নিৰাপত্তা স্থাপন কৰিব। ইয়াৰ দ্বাৰা ২৬টা স্থানত নিয়োজিত ১,৬০,০০০ৰ কৰ্মচাৰীকে ধৰি দেশৰ ৰে’ল সেৱাৰ সমগ্ৰ ডিজিটেল কাৰ্যকলাপো সুৰক্ষিত হ’ব, যাৰ ফলত এক সুদৃঢ় আৰু শক্তিশালী অনুসৰণযোগ্য বেক এণ্ড নিশ্চিত হ’ব।



উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This