ডিজিটেল ডেস্ক : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও জ্বলন্ত সমস্যাৰ কথা উত্থাপন কৰি সংসদত কালি সৰৱ হ'ল ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞা। অসমৰ বান- খহনীয়া সমস্যা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তি, নগা শান্তি চুক্তি আদি কেইবাটাও বিষয় উত্থাপন কৰি সাংসদগৰাকীয়ে কয় যে মোদী চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জ্বলন্ত সমস্যাবোৰ সমধানৰ ক্ষেত্ৰত সদায়ে হেমাহি কৰি আহিছে। কেইবাটাও দশক ধৰি অসমৰ ছয় জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণ বাবে আন্দোলন কৰি অহাৰ পাছতো আজিও কিয় তেওঁলোকে জনজাতিৰ মৰ্যাদা লাভ কৰা নাই বুলি প্রশ্ন উত্থাপন কৰি সাংসদগৰাকীয়ে কয় যে খোদ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্রুতি দিছিল।
প্রধানমন্ত্রীজনৰ এই প্রতিশ্রুতিৰ বাবেই অসমৰ ৰাইজে বিজেপিক ভোট দি শাসনৰ গাদীত বহুৱাইছিল। কিন্তু আজিও ছয় জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা লাভ নকৰিলে। ইফালে, জনজাতি লোকসকল বাস কৰা ট্রাইবেল বেল্টৰ ভূমি ৰাজ্য চৰকাৰখনে পুঁজিপতিক প্ৰদান কৰাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত প্রায় ১.৫ লাখ বিঘা ভূমি পুঁজিপতিক প্রদান কৰি ৰাজ্য চৰকাৰখনে সংবিধান উলংঘা কৰিছে। আনহাতে, অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ
নেতৃত্বত গঠন কৰা কমিটীখনৰ প্ৰতিবেদনখন আজিও দিছপুৰতে পৰি থাকিল বুলি জনাই তেওঁ কয় যে অথচ উক্ত কমিটীখন কেন্দ্রীয় চৰকাৰেই গঠন কৰিছিল। কিন্তু কমিটীৰ প্ৰতিবেদনখনহে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে। ইয়াৰ পৰাই কেন্দ্ৰীয় চৰকাৰে অসমৰ লোকক কিদৰে অৱহেলা কৰি আহিছে সেই কথা স্পষ্ট হৈ পৰিছে বুলি জনাই ভূঞাই স্পষ্টভাৱে কয়, 'বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনখন হৈছে।অসমৰ খিলঞ্জীয়া লোকৰ ভৱিষ্যতৰ জীৱনৰেখা।'
সাংসদগৰাকীয়ে ৰাজ্যৰ বান সমস্যাৰ কথা প্রকাশ কৰে। তেওঁ কয় যে প্রতিবছৰে বান-খহনীয়া সমস্যাই ৰাজ্যখনৰ ব্যাপক ক্ষতি কৰি আহিছে। কিন্তু আজিলৈকে চৰকাৰে এই সমস্যা স্থায়ীভাৱে সমাধান কৰিবলৈ কোনো পদক্ষেপ গ্রহণ কৰা নাই। এই সমস্যা সমাধানৰ বাবে সদায়ে প্রতিশ্রুতিহে দি আহিছে। ইফালে, সাংসদ ভূঞাই ভাষণত নগা চুক্তিৰ কথাও
উল্লেখ কৰে। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনতে নগা ফ্রেমৱৰ্ক চুক্তি স্বাক্ষৰ কৰিছিল। কিন্তু আজিও ওলমি ৰ'ল এই সমস্যা। দেশবাসীয়ে আজি এটা দশকৰ পাছতো নাজানিলে নগা সমস্যা সমাধানৰ বাবে কৰা চুক্তিখন কি হ'ল?