ডিজিটেল ডেস্ক : মহাবাষ্ট্ৰৰ শাসকীয় মহাযুটিত আকৌ কন্দলৰ উকমুকনি আৰম্ভ হৈছে। দেওবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) প্রতিষ্ঠাপক কে বি হেগড়েৰ স্মাৰক পৰিদর্শন কৰিবলৈ যায় মুখ্যমন্ত্রী দেবেন্দ্র ফড়নবিছ, উপ-মুখ্যমন্ত্রী একনাথ সিন্দে আৰু শাসকীয় বিজেপি আৰু শিৱ সেনা (একনাথ)ৰ বিধায়কসকল।
আনহাতে, এই পৰিদর্শন কার্যসূচীৰ পৰা বিৰত থাকিল এন চি পি (অজিত)ৰ বিষয়াসকল আৰু উপ-মুখ্যমন্ত্রী অজিত পাৱাৰ। উল্লেখযোগ্য যে ৰাজ্যখনৰ শাসকীয় মহাযুটিৰ অন্যতম অংশীদাৰ হৈছে এন চি পি (অজিত পাৱাৰ) দলটো।
হেগড়েৰ স্মাৰকত ফড়নবিছ আৰু একনাথ সিন্দেই শ্রদ্ধাঞ্জলি জনায় যদিও আদর্শগত কাৰণত অজিত পাৱাৰ উপস্থিত নাথাকিল বুলি বাজনৈতিক মহলত চর্চা হৈছে। প্রণিধানযোগ্য যে ক্ষমতাত একেলগে থাকিলেও অজিত পাৱাৰৰ আদর্শ বিজেপিৰে নিমিলাব বাবেই তেওঁ আয়ে শাসন প্রণালীত ৰাজ্যখনত অৱহেলিত হৈ আছে।