শোকাকুল পৰিৱেশত অজিত পাৱাৰৰ শেষকৃত্য

dainik janambhumi January 30, 2026

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ জনসাধাৰণে বৃহস্পতিবাৰে উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰক অন্তিম আৰু অশ্রুসিক্ত বিদায় দিয়াৰ সময়ছোৱা আকাশে-বতাহে ধ্বনিত হয়- 'অজিত দাদা অমৰ ৰহে' (অজিত দাদা অমৰ হওক) ধ্বনিৰে। কালি বাৰামতীৰ বিদ্যা প্রতিষ্ঠান মহাবিদ্যালয় খেলপথাৰত বাৰামতীত 'দাদা' নামেৰে জনাজাত এন চি পিৰ ৬৬ বছৰীয়া মুৰব্বীজনৰ অন্ত্যেষ্টিক্রিয়া সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন হয়। এই মহাবিদ্যালয়খন পাৱাৰ পৰিয়ালে প্রতিষ্ঠা কৰিছিল। উল্লেখযোগ্য যে বুধবাৰে পাৱাৰে ভ্ৰমণ কৰা চার্টার্ড বিমানখন দুর্ঘটনাত পতিত হোৱাত তেওঁ আৰু আন চাৰিজনে প্রাণ হেৰুৱাই ছিল। কালি অজিত পাৱাৰক শেষ শ্রদ্ধা জনাবলৈ হাজাৰ হাজাৰ লোক উক্ত স্থানত সমৱেত হয়। 

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, বিজেপিৰ সভাপতি নীতিন নবীন আৰু ৰাজ্যখনৰ মুখ্যমন্ত্রী দেৱেন্দ্ৰ ফড়নবিছৰ উপস্থিতিত মুখাগ্নি কৰে পাৱাৰৰ পুত্রদ্বয় পাৰ্থ আৰু জয়ে। অজিত পাৱাৰৰ দদায়েক তথা এন চি পিৰ পিতৃপুৰুষ শাৰদ পাৱাৰো অন্ত্যেষ্টিক্রিয়াত উপস্থিত থাকে। পুনেৰ পৰা ১০০ কিল'মিটাৰ আঁতৰত অৱস্থিত অজিত পাৱাৰৰ গাঁও কাটেৱাডীৰ পৰা ৰাষ্ট্ৰীয় পতাকাৰে ঢাকি যেতিয়া বিদ্যা প্রতিষ্ঠানৰ খেলপথৰালৈ তেওঁৰ শৱদেহ অনা হয়, তেতিয়া পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সমৱেত হাজাৰ হাজাৰ লোকে 'অজিত দাদা অমৰ ৰহে' ধ্বনি দিয়ে। শাৰদ পাৱাৰৰ কন্যা তথা এন চি পি (এছ পি)ৰ লোক সভাৰ সাংসদ সুপ্রিয়া সুলেই অজিত পাৱাৰৰ পত্নী তথা ৰাজ্য সভাৰ সাংসদ সুনেত্রা পাৱাৰৰ কাষত ৰৈ তেওঁক সান্ত্বনা দিয়ে। এন চি পিৰ কার্যবাহী সভাপতি তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী প্রফুল পেটেলো এই অন্ত্যেষ্টিক্রিয়াত উপস্থিত আছিল। 

ইয়াৰ উপৰি, আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে, গোৱাৰ মুখ্যমন্ত্রী প্রমোদ সাৱন্ত, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী একনাথ সিন্ধে, বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰৱেকাৰ, প্ৰাক্তন কেন্দ্রীয় মন্ত্রী সুশীল কুমাৰ সিন্দে, অন্ধ্র প্রদেশৰ মন্ত্রী নৰ লোকেশ, ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্রী অশোক চৱন, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হর্ষবর্ধন সপকাল, অভিনেতা ৰীতেশ দেশমুখ। ইয়াৰ পূর্বে অজিত পাৱাৰৰ বাসভৱনত শিৱ সেনা (ইউ বি টি)ৰ মুৰব্বী তথা প্রাক্তন মুখ্যমন্ত্রী উদ্ধৱ থাকৰে আৰু এম এন এছৰ মুৰব্বী ৰাজ থাকৰেই শ্রদ্ধাঞ্জলি আগবঢ়ায়।

Share This