বিপর্যয়

dainik janambhumi July 23, 2026

ডিজিটেল ডেস্ক : ভৰ বাৰিষাৰ বান নতুন কথা নহয়। বাৰিষাৰ আগমনৰ লগে লগেই কৃষকে সিঁচি থোৱা কঠীয়া ৰুবৰ বাবে বৰষুণলৈ অপেক্ষা কৰে। সময়মতে মৌচুমী বায়ুৰ আগমনত পর্যাপ্ত পৰিমাণৰ বৰষুণ হয়, আৰু কৃষকেও সময়ানুযায়ী খেতি কৰে। অসমত প্ৰকৃতিৰ এয়াই চিৰন্তন নিয়ম। ভৰ বাৰিষাৰ বৰষুণ আৰু ওফন্দি উঠা নৈৰ বাঢ়নী পানীয়ে দ অঞ্চলত বানৰ সৃষ্টি কৰে। অসমত যিহেতু এনে বান সমস্যা নতুন নহয়, গতিকে এনে বাৰিষাৰ বানৰ ভয়াৱহতাক লৈ বানাক্রান্ত অঞ্চলৰ মানুহ প্রস্তুত হৈ থাকে। আনকি দুখ-কষ্টৰ মাজতো বানাক্রান্ত এলেকাসমূহত বানৰ মাজতেই মাছ-কাছ ধৰি ৰং-ৰহইচো কৰে। পাচে, এনেবোৰ কথা এতিয়া সাধু হ'ল। এতিয়া বৰষুণ মানেই শংকা, নদীৰ ওফন্দি উঠা বুকু মানেই আতংক, আৰু বান মানেই যেন প্রলয়। কিয় হ'ল এনে? এই প্রশ্নৰ উত্তৰ এটাই। সেয়া হৈছে প্রকৃতিৰ প্ৰত্যুত্তৰ। গোলকীয় উঞ্চতাই খেলি-মেলি কৰি দিয়া প্রকৃতিৰ নিয়মৰ বাবেই এতিয়া গ্রীষ্ম, বর্ষাৰ মান অভাৱনীয় হৈছে। ক'ৰবাত যদি বেলিৰ তপত দহনে পৃথিৱীক অগ্নিকুণ্ডৰ দৰে কৰি পেলাইছে, বনজুয়ে এফালৰ পৰা ছাৰখাৰ কৰি নিছে চহৰ-নগৰ, ক'ৰবাত আকৌ ডাৱৰ বিস্ফোৰণ, অভাৱনীয় বৰষুণৰ বাবে নদ-নদীয়ে আসুৰিক সংহাৰযজ্ঞ চলাইছে। কিন্তু, কেৱল প্রকৃতিকেই আমি ইয়াৰ বাবে দায়ী কৰিব নোৱাৰোঁ। যুগ যুগ ধৰি মানুহে চলাই অহা ভোগবাদৰ যুঁজত ধৰাশায়ী হোৱাৰ বাবেই প্রকৃতিয়ে যেন এতিয়া নিজেই নিজৰ বাবে যুঁজ দিবলৈ সাজু হৈছে।

কোনোদিনে বান নেদেখা চৰাইদেউ, শিৱসাগৰ, সোণাৰিত তিনি-চাৰি দিন ধৰি যি সংহাৰ চলিছে, সেয়া জলপ্রলয়, আৰু এই জলপ্রলয় প্রকৃতিসৃষ্ট হ'লেও, প্রকৃতিক এই পৰ্যায়লৈ লৈ যোৱাৰ মূল হ'ল মানুহৰ ভোগবাদী মানসিকতা। উন্নয়নৰ নামত জধে-মধে নদী বান্ধ সাজি নদীৰ প্ৰাকৃতিক গতিক বাধা দিয়া হৈছে, সৰু-বৰ নৈৰ বুকু খান্দি বুকু খান্দি শিল-বালি অহৰহ উঠাই থকা হৈছে। তেল, গেছ, কয়লাকে ধৰি খনিজ পদাৰ্থৰ খননৰ নামত পাহাৰ খান্দি ফোঁপোলা কৰি পেলোৱা হৈছে। উদং বুকুৰে নৈবোৰৰ সীমা ক্রমাৎ বহল হৈছে। সেই নৈয়েতো এদিন উত্তৰ দিবই। শেহতীয়াকৈ, প্লাইউড ফেক্টৰীৰ নামত অবাধ গছ-গছনি ধ্বংসৰে নগালেণ্ডৰ পাহাৰ কাটি তহিলং কৰা মন জিলাত ডাৱৰ বিস্ফোৰণে কেৱল নগালেণ্ডতেই নহয়, নামনিলৈ আহি সংহাৰী ৰূপ ধাৰণ কৰিছে। ডাৱৰ বিস্ফোৰণ হ'লে কম সময়ৰ ভিতৰতে এশ মিলিমিটাৰ বা তাৰো অধিক বৰষুণ হয়, যাৰ ফলত এই বৰষুণৰ পানীয়ে নৈৰ বুকুত বলিয়া ঢৌৰ সৃষ্টি কৰাটোৱেই স্বাভাৱিক। সেই নৈ যেতিয়া নামনিলৈ নামি আহে, বহন ক্ষমতাৰ ওপৰৰ পানীয়ে প্ৰলয়ৰ ৰূপ লয়। এনে ডাৱৰ বিস্ফোৰণৰ ঘটনা অনেক, যাৰ সংহাৰে ক'লা ইতিহাস ৰচনা কৰি আহিছে। ১৯০৮ চনত হায়দৰাবাদত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বানত পোন্ধৰ হাজাৰ মানুহৰ অকাল মৃত্যু হৈছিল। ১৯৭০ চনত উত্তৰাখণ্ডৰ অলকানন্দাত হোৱা ডাৱৰ বিস্ফোৰণে অলকানন্দা নদীক মৃত্যুদূতলৈ সলনি কৰিছিল। ২০০৫ চনত মুম্বাইত হোৱা ডাৱৰ বিস্ফোৰণে বিত্তীয় ৰাজধানীখনক একপ্ৰকাৰ পংগু কৰি পেলাইছিল। ২০১০ চনত লাডাখ আৰু ২০১৩ চনত উত্তৰাখণ্ডৰ কেদাৰনাথত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা সংহাৰযজ্ঞৰ কথা হয়তো কোনেও পাহৰিব পৰা নাই। শেহতীয়াকৈ অসমত বানৰ প্ৰলয়ে অভূতপূর্ব পৰিৱেশৰ সৃষ্টি কৰিছে। ইতিমধ্যে বহাগ মাহ শেষ নৌহওঁতেই অসমত ধাৰাসাৰ বৃষ্টিপাত আৰম্ভ হৈছিল। বিগত তিনি মাহত বৃষ্টিপাত প্রায় অপৰিৱৰ্তিত হৈ থকাত, প্রবল বৰষুণৰ ফলত অসমৰ নৈ-উপনৈৰ বুকু ওফন্দি পৰিছে। কাছাৰ, ধেমাজি, লখিমপুৰ ইত্যাদিত বাঢ়নী পানীৰ বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। তাৰ ওপৰতেই আকৌ অসমৰ সীমামূৰীয়া পাহাৰীয়া ৰাজ্যকেইখনত হোৱা প্ৰবল বৰষুণৰ ফলত অসমলৈ বৈ অহা পানীৰ ভৰ বহন কৰিবলৈ অক্ষম হৈ পৰিছে নৈ-উপনৈসমূহ। তাৰ মাজতে নগালেণ্ডৰ ডাৱৰ বিস্ফোৰণৰ ফলত সীমামূৰীয়া শিৱসাগৰ, চৰাইদেউ, সোণাৰি, যোৰহাট আৰু গোলাঘাটৰ বিস্তীর্ণ এলেকাত নৈ-উপনৈসমূহে যি সংহাৰী ৰূপ ধাৰণ কৰিছে, সেয়া অবর্ণনীয়। বিশেষকৈ শিৱসাগৰ, সোণাৰি, জাঁজী, চৰাইদেউ, নাজিৰা ইত্যাদি এলেকাত দিখৌ, মিটং, দৰিকা আদি নৈয়ে পলকৰ ভিতৰতে যি বানৰ সৃষ্টি কৰিছে সেয়া অভাৱনীয়, অভূতপূর্ব জলপ্রলয়ৰ বাহিৰে একো নহয়। কোনোদিনে বান নেদেখা সেই এলেকাবোৰত এতিয়া খোৱাপানীৰ বাবে মানুহে হাহাকাৰ কৰিব লগা হৈছে। মৃতদেহ ওলায়ে আছে। সন্ধানহীন হৈছে চাৰিশৰো অধিক লোক। চৰকাৰী তথ্য মতে যদিও এই পর্যন্ত প্রায় ২৪জন লোকৰহে মৃতদেহ উদ্ধাৰ হৈছে, বেচৰকাৰী তথ্যত মৃত্যুৰ সংখ্যা এশৰো অধিক হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ভালকৈ সজাই লোৱা একোখন ঘৰৰ সমস্ত পানীত ডুব যোৱাৰ পাছত কোনোমতে প্রাণটো লৈ ওখ ঠাই বিচাৰি ওলাই অহা মানুহবোৰৰ জীৱন যেন দহ বছৰ পিছুৱাই গৈছে। হঠাতে অহা এই প্রলয়ত জীৱনটো বচাবলৈ তৰণি নোপোৱা মানুহে মথাউৰিলৈকে যাবলৈও সময় পোৱা নাই। ঘৰৰ ছাদ, গছ ইত্যাদিত উঠি প্ৰাণৰ মমতাত উদ্ধাৰৰ অপেক্ষাত ৰোৱা মানুহবোৰৰ বিপৰীতে গৰু-ছাগলী, হাঁহ-কুকুৰাৰ ফাৰ্মৰ পৰা পুখুৰীৰ মাছলৈকে জীৱিকাৰ সমস্ত সম্বল বলিয়া বানে পলকতে উটুৱাই নিছে। অপৰিৱৰ্তিত এই বান পৰিস্থিতিৰ মাজতেই উত্তৰ অসমতো জলপ্ৰলয়ৰ শংকা তীব্ৰ হৈ পৰিছে।

উল্লেখযোগ্য যে চীন আৰু অৰুণাচলৰ নিৰ্মিত কেইবাটাও উচ্চক্ষমতাসম্পন্ন নদী বান্ধৰ লগতে অসমৰ কাষৰীয়া নগালেণ্ড-ভূটান ইত্যাদিত নির্মিত নদী বান্ধসমূহ এক অৰ্থত বেচিনৰ দৰে হৈ থকা অসমৰ যিকোনো অঞ্চলৰ বাবে প্রতি মুহূৰ্তত একোটা জলবোমাৰ দৰে থিয় হৈ আছে। উন্নয়নৰ ধ্বজাৰে থিয় হৈ থকা এনে জলবোমাৰ সৈতে মোকাবিলা কৰিবলৈ অসমৰ দুৰ্যোগ প্রশমন বিভাগটোৰ হাতত ক্ষমতা কিমান আছে সেয়াও লক্ষণীয়। কিয়নো দুর্যোগ প্রশমন বিভাগৰ স্বতন্ত্র কোনো বাজেটেই নাই আজিলৈকে। ভূমিকম্পপ্ৰৱণ আৰু বানপ্রৱণ এলেকা হিচাপে অসমৰ বাবে আচলতে আন বহু বিভাগতকৈ এই বিভাগটোক বিত্তীয় আৰু মানৱ সম্পদৰ দিশৰ পৰা শক্তিশালী কৰাটো বেছিহে জৰুৰী। কিন্তু বৰষুণ গ'লে জাপি লোৱা প্রশাসন ব্যৱস্থাত এনে আশা কৰাটো দুৰূহ। শেহতীয়া বিপৰ্যয়ত চৰকাৰ, প্রশাসন, বিৰোধী, সাধাৰণ জনতা সকলোৱে এতিয়া সমানে সহযোগ কৰিব লাগে। অন্যথা ঈশ্বৰৰ ওপৰত ভৰসাৰে
আকাশলৈ চাই বহি থকাৰ বাদে দুৰ্গতৰ বাবে আৰু কোনো উপায় নাথাকিব।

Share This