বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহ বন্ধ নহ’লে অসমত ড্ৰাগ্ছ নিয়ন্ত্ৰণ অসম্ভৱ

Dainik Janambhumi July 31, 2024

দৈনিক জনমভূমিঃ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি হৈ পৰিছে অসম-নগালেণ্ড সীমান্তৰ মেৰাপানীয়েদি সৰবৰাহ হৈ থকা চোৰাং বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট– আজি দৈনিক জনমভূমিৰ সন্মুখত এইদৰেই মন্তব্য প্ৰকাশ কৰিলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷

অসম-নগালেণ্ড সীমান্তৰ মেৰাপানী হৈ বহিঃৰাজ্যলৈ চলি থকা বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট নিয়ন্ত্ৰণত গোলাঘাট জিলা আৰক্ষী প্ৰশাসন চৰম লজ্জাজনকভাৱে ব্যৰ্থ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে লগতে কয় যে নগালেণ্ডৰ ফুটহিলছৰ পৰা বিভিন্ন পথৰে মেৰাপানী হৈ বহিঃৰাজ্যলৈ ধাৰাবাহিকভাৱে চলি থকা চুপাৰিৰ চোৰাং বেহাই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতিও তীব্ৰ ভাবুকি নমাই আনিছে৷ ২০১৮ চনতে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ কাৰ্যালয়ে অসমৰ মাজেৰে ম্যানমাৰ, ইণ্ডোনেছিয়া আৰু ভিয়েটনামৰ পৰা চোৰাংভাৱে হৈ থকা চুপাৰিৰ সৰবৰাহ বন্ধ কৰাৰ পোষকতা কৰিছিল বুলি কৈ বিধায়কগৰাকীয়ে কয় যে এই বাৰ্মিজ চুপাৰিৰ বস্তাৰ মাজতেই দীৰ্ঘদিনে সৰবৰাহ হৈ আহিছে বৰবিহ ড্ৰাগ্ছ৷ 

বাৰ্মিজ চুপাৰিৰ ট্ৰাকত চুপাৰিৰ লগতে সোণালী ত্ৰিভুজৰ পৰা সৰবৰাহ হোৱা মৰফিন, ব্ৰাউন ছুগাৰ আৰু হেৰ’ইনৰ দৰে নগালেণ্ড হৈ অসমৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু কাবিৰ্ আংলং জিলাত প্ৰৱেশ কৰি অসমৰ যুৱ প্ৰজন্মক পংগু কৰি আহিছে৷ অকালতে এই ড্ৰাগ্ছৰ কবলত  পৰি হাজাৰ হাজাৰ যুৱক ধ্বংসৰ মুখলৈ গতি কৰিছে বুলি বিে¦£াৰক অভিযোগ উত্থাপন কৰা অখিল গগৈৰ স্পষ্ট মন্তব্য যে ৯০ শতাংশ এই মাৰাত্মক ড্ৰাগ্ছ সৰবৰাহ এই বাৰ্মিজ চুপাৰিৰ ট্ৰাকৰ জৰিয়তেই হৈ আহিছে৷ কেৱল ড্ৰাগ্ছেই নহয়, বাৰ্মিজ চুপাৰিৰ ট্ৰাক এতিয়া লাউচ, ম্যানমাৰ, থাইলেণ্ড প্ৰভৃতি দক্ষিণ-পূব এছিয়াৰ দেশৰ পৰা অবৈধ মাৰণাস্ত্ৰ সৰবৰাহত ব্যৱহাৰ হৈ অহাৰ তথ্যও আছে৷

বাৰ্মিজ চুপাৰিৰ বস্তাৰ মাজতে সৰবৰাহ হৈ অহা এই মাৰণাস্ত্ৰ উত্তৰ-পূব তথা দেশৰ উগ্ৰপন্থী সংগঠনৰ হাতলৈ যোৱাৰ দৰে উদ্বেগজনক খবৰো লাভ কৰা হৈছে৷ দেশৰ অভ্যন্তৰীণ নিৰাপত্তা আৰু সাবৰ্ভৌমত্বৰ প্ৰতি তীব্ৰ ভাবুকি আনিব পৰা এই মাৰণাস্ত্ৰৰ সৰবৰাহ বন্ধ কৰিবলৈ হ’লে চোৰাং বাৰ্মিজ চুপাৰিৰ সৰবৰাহ বন্ধ কৰিবই লাগিব বুলি মন্তব্য কৰি অখিল গগৈয়ে লগতে কয় যে বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহ বন্ধ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে যিমানেই পদক্ষেপ গ্ৰহণ নকৰক কিয় অসমত বৰবিহ ড্ৰাগ্ছৰ বেহা নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহ’ব৷

কিন্তু লক্ষণীয়ভাৱে ভাৰত-ম্যানমাৰ সীমান্তৰ ম’ৰে গে’ট হৈ উত্তৰ-পূবৰ মণিপুৰৰ সেনাপতি জিলাত বাৰ্মিজ চুপাৰিৰ লগতে প্ৰৱেশ কৰা অবৈধ মাৰণাস্ত্ৰ আৰু বৰবিহ ড্ৰাগ্ছ পৰৱৰ্তী সময়ত নগালেণ্ড-মণিপুৰ সীমাৰ মাও গে’টেদি প্ৰথমে নগালেণ্ডত আৰু তাৰ পাছত নগালেণ্ডৰ পৰা ফুটহিলছ হৈ মেৰাপানীয়েদি অসমৰ বিভিন্ন জিলালৈ সৰবৰাহ হৈ অহাৰ পাছতো ইয়াক ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গোলাঘাট আৰক্ষী প্ৰশাসনে৷ আৰক্ষীৰ এই ভূমিকা চৰম লজ্জাজনক বুলি অভিহিত কৰি বিধায়ক অখিল গগৈয়ে আৰু কয় যে বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহকাৰীৰ প্ৰতি থকা ৰহস্যজনক দৰদৰ বাবেই ফুটহিলছৰ পৰা বৰপথাৰ, নেঘেৰিবিল, কদমগুৰি, ভেলৌগুৰি, দয়ালপুৰ, চাংখাতী আদি অঞ্চলেৰে নিতৌ বাৰ্মিজ চুপাৰিৰ সৰবৰাহ সম্ভৱ হৈ আহিছে৷ এই চোৰাং সৰবৰাহত কোন কোন মাফিয়া জডি.ত আৰু কোন কোন পথেৰে কাক মেনেজ কৰি এই অবৈধ সৰবৰাহ চলি আহিছে তাৰ সকলো তথ্য গোলাঘাট জিলাৰ মেৰাপানী, জামুগুৰি, বৰপথাৰ আদিকে ধৰি দহখন থানাৰ লগতে গোলাঘাট আৰক্ষীৰ শীৰ্ষমহলৰ হাতত আছে যদিও চোৰাং সৰবৰাহকাৰীৰে আৰক্ষীৰ গোপন মিতিৰালিৰ বাবেই এই অবৈধ সৰবৰাহ ৰোধ হোৱা নাই৷ যাৰ ফলত চোৰাং বাৰ্মিজ চুপাৰিৰ লগতে ড্ৰাগ্ছৰ অবাধ সৰবৰাহ হৈ নৱপ্ৰজন্মক তিল তিলকৈ নিঃশেষ কৰিছে বুলি মন্তব্য কৰি অখিল গগৈৰ অভিযোগ– এই সকলো অবৈধ সৰবৰাহ আৰু মাৰাত্মক ড্ৰাগ্ছকে ধৰি বৰবিহৰ অবাধ প্ৰচলনৰ বাবে দায়ী গোলাঘাট আৰক্ষী৷ বিভিন্ন সময়ত ৰাইজৰ দল আৰু বিধায়কগৰাকীয়ে এই অবৈধ বাৰ্মিজ চুপাৰিৰ সৰবৰাহ বন্ধ কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও কমিছনৰ মোহত বন্দী গোলাঘাট আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ অভিযোগ বিধায়কগৰাকীৰ৷ গুৱাহাটীৰ এটা বিশেষ চক্ৰৰ পৃষ্ঠপোষকতাত এই অবৈধ বাৰ্মিজ চুপাৰিৰ লগতে চুপাৰি সৰবৰাহৰ অচিলাৰে ড্ৰাগ্ছ, বাৰ্মিজ চিগাৰেটৰ দৰে অবৈধ ব্যৱসায় চলি অহা বুলি সজোৰে দাবী উত্থাপন কৰি অখিল গগৈয়ে এই অবৈধ বেহা বন্ধ কৰাত পদক্ষেপ গ্ৰহণ কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপ দাবী কৰে৷ এই সম্পৰ্কত অচিৰেই অসমৰ ৰাজ্যপালৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিব বুলি দৈনিক জনমভূমিক জানিবলৈ দি বিধায়কগৰাকীয়ে গোলাঘাট আৰক্ষী প্ৰশাসনক চোৰাং বাৰ্মিজ চুপাৰিৰ সৰবৰাহকাৰীৰ পৰিৱৰ্তে অসমৰ নৱ-প্ৰজন্ম আৰু অসমৰ স্বাৰ্থক গুৰুত্ব দি কাম কৰিবলৈ নিদেৰ্শনা দিবলৈও ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰে৷ উল্লেখযোগ্য যে গোলাঘাট জিলাৰ মেৰাপানী, জামুগুৰি আৰক্ষী থানাকে ধৰি দহখন আৰক্ষী থানাৰ সন্মুখেৰে নিতৌ চোৰাংভাৱে বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ অব্যাহত থকাৰ বাতৰি ইতিমধ্যে দৈনিক জনমভূমিয়ে সবিস্তাৰে প্ৰকাশ কৰিছে৷ কিন্তু ইয়াৰ পাছতো এই অবৈধ চোৰাং চুপাৰিৰ সৰবৰাহ বন্ধ কৰাৰ ক্ষেত্ৰত গোলাঘাট আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ যি কথাই এই সৰবৰাহত আৰক্ষীৰ ৰহস্যজনক ভূমিকা থকা কথাটো স্পষ্ট কৰিছে৷ 


ভাৰত-ম্যানমাৰ সীমান্তৰ ম’ৰে গে’ট হৈ মণিপুৰৰ সেনাপতি জিলা আৰু পৰৱতীৰ্ সময়ত মাও গে’টেদি নগালেণ্ডত প্ৰৱেশ কৰা চোৰাং বাৰ্মিজ চুপাৰি ৰাজ্যখনৰ উখাৰ পৰা ভাণ্ডাৰী থানাৰ সন্মুখৰে ফুটহিলছলৈ আনি গোলাঘাট জিলাৰ মেৰাপানীক কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি চুপাৰি চুৰি চক্ৰই বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আহিছে৷ গোলাঘাটৰ মেৰাপানী, জামুগুৰি, বৰপথাৰ, উৰিয়ামঘাট, নাওজান, সৰুপথাৰ আৰু গোলাঘাট আৰক্ষী থানাৰ সন্মুখেৰেই কুখ্যাত চুপাৰি চোৰ অভিষেক গুপ্তা আৰু বাপ্পি গুপ্তাই পাছিং মাফিয়া নন বসুমতাৰী, ৰাহুল পায়েং, আফটাবুৰ আৰু নিজামুদ্দিনৰ সহযোগত কিদৰে দীৰ্ঘদিনে সৰবৰাহ কৰি আহিছে সেই সম্পৰ্কত ইতিমধ্যেই দৈনিক জনমভূমিত সবিস্তাৰে প্ৰকাশ হৈ আহিছে৷ এই ধুৰন্ধৰ পাছিং মাফিয়াকেইটাৰ লগতে এম জিৰূপে খ্যাত এটা চোৰাং চুপাৰিৰ মাফিয়া, অনুজ নাৰ্জাৰী, অমৰেন্দ্ৰ নাৰ্জাৰী, বংগোলা মুছাহাৰি, কুণ্ডু শইকীয়াকে ধৰি বহুকেইটা মাফিয়াই চিট ফাৰ্ম, কদমগুৰি, দয়ালপুৰ, চাংখাতী হৈ কাছমাৰি পথেৰে দীৰ্ঘদিনে এই অবৈধ সৰবৰাহ অব্যাহত ৰাখিছে৷ প্ৰাক্তন বি এল টি আৰু আনলা সংগঠনৰ নাম লৈ এই পাছিং মাফিয়াকেইটাই এই অবৈধ সৰবৰাহ অব্যাহত ৰখাৰ অভিযোগ দীৰ্ঘদিনে উত্থাপন হৈ আহিছে যদিও গোলাঘাট আৰক্ষীয়ে  নিধিৰাম চৰ্দাৰৰ ভূমিকা গ্ৰহণ কৰি অহা বুলি মেৰাপানীৰ ৰাইজে জানিবলৈ দিছে৷ শেহতীয়াভাৱে যোৰহাটৰ ৰাহুল শইকীয়া নামৰ এটা চুপাৰি চোৰে নন বসুমতাৰী নামৰ পাছিং মাফিয়াটোৰ সহযোগত ৬০ বস্তা চোৰাং বাৰ্মিজ চুপাৰি ফুটহিলছৰ পৰা জামুগুৰি থানাৰ সন্মুখেৰে সৰবৰাহ কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল যদিও ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷

দীৰ্ঘদিনে উল্লিখিত পাছিং মাফিয়াকেইটাই আৰক্ষীৰে মিতিৰালি কৰি চোৰাং চুপাৰি সৰবৰাহ অব্যাহত ৰাখিছিল যদিও দৈনিক জনমভূমি আৰু প্ৰাগ নিউজে মাফিয়াকেইটাৰ সমস্ত কু-কাণ্ড পোহৰলৈ অনাত এতিয়া সংবাদ মাধ্যমৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে মাফিয়া চক্ৰটো৷ গোচৰ তৰি সংবাদ মাধ্যমৰ মুখ বন্ধ কৰাৰ চেষ্টাত লিপ্ত হোৱা মাফিয়া চক্ৰটোৰ বিৰুদ্ধে ভীতিহীনভাৱে দৈনিক জনমভূমি আৰু প্ৰাগ নিউজে নিৰন্তৰ বাতৰি সম্প্ৰচাৰ অব্যাহত ৰখাত এতিয়া থৰকাছুটি হেৰুৱাইছে মাফিয়া চক্ৰটোৱে৷ ইফালে মাহেকীয়া কমিছনৰ হেঁচাত কুম্ভকৰ্ণ নিদ্ৰাত থকা গোলাঘাট জিলাৰ উল্লিখিত আৰক্ষী থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু একাংশ উপ-পৰিদৰ্শকৰ ছত্ৰছায়াতে সপ্তাহে পাঁচ-ছয় ট্ৰাককৈ এই বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহ ধাৰাবাহিকভাৱে হৈ অহা বুলি মেৰাপানীৰ সচেতন ৰাইজে দৈনিক জনমভূমিক জানিবলৈ দিয়াৰ লগতে দীৰ্ঘদিনে অসমৰ কোটি কোটি টকাৰ ৰাজহ লোকচান কৰি অসম-নগালেণ্ড সীমান্তৰ মেৰাপানীৰ পৰা ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰি বিভিন্ন গ্ৰাম্য পথৰে হৈ অহা চোৰাং বাৰ্মিজ চুপাৰি সৰবৰাহ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মেৰাপানীৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে৷

Share This