অখিলৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ

dainik janambhumi October 09, 2025

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ পত্নী তথা উদ্যোগী ৰিণিকি ভূঞা শর্মাই বুধবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ৫০২/২৫ নম্বৰৰ এটা মানহানিৰ গোচৰ ৰুজু কৰিছে। 

উল্লেখযোগ্য যে বিধায়ক অখিল গগৈয়ে ৩০ ছেপ্টেম্বৰত আয়োজন কৰা এক প্ৰতিবাদী কাৰ্যসূচীত অভিযোগ কৰিছিল যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন 'গ'ল্ডেন গ্রেডছ' নামৰ কোম্পানীটোৱে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ফেশ্বন শ্ব' অনুষ্ঠিত কৰিছিল।

বুধবাৰে ৰিণিকি ভূঞা শৰ্মাৰ অধিবক্তাই কয় যে উদ্যোগীগৰাকী বা গ'ল্ডেন গ্ৰেডছ নামৰ কোম্পানীটোৰ ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত দূৰ দূৰলৈকে সম্পৰ্ক নাই। ৩০ অক্টোবৰত এই গোচৰটোৰ শুনানিৰ দিন ধার্য কৰা হৈছে। 

ইফালে, ৰিণিকি ভূঞা শৰ্মাই সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত অখিল গগৈক প্রত্যাহ্বান জনাই কয় যে অখিল গগৈক তেওঁ বিমানৰ প্ৰথম শ্ৰেণীৰ টিকট ছিংগাপুৰলৈ কাটি দিয়াৰ লগতে তাত ফাইভ ষ্টাৰ হোটেলত থকাৰ ব্যৱস্থা কৰি দিব। অখিল গগৈ ছিংগাপুৰলৈ গৈ মাত্ৰ তেওঁ কৰা অভিযোগৰ প্ৰমাণ সংগ্ৰহ কৰক আৰু ৩০ অক্টোবৰত আদালতত জমা দিয়ক।

Share This