ডিজিটেল ডেস্ক: বিশ্বায়নৰ যুগত মাতৃভাষা অসমীয়াৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ অর্থে ডিজিটেল জগতত ভাষাৰ আধিপত্য বিস্তাৰ কৰাৰ লগতে ভাষাৰ ব্যৱহাৰযোগ্যতা বৃদ্ধিৰ অৰ্থে জনসাধাৰণৰ বাবে ভাষাটো সহজলভ্য কৰাটো অতি গুৰুত্বপূৰ্ণ। এই লক্ষ্য আগত ৰাখি অসমীয়া ভাষাৰ বাবে অসমত উদ্ভাৱিত প্রকল্প 'আখৰ এ আই'-এ নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈকে 'ইণ্ডিয়া এ আই ইম্পেক্ট ছামিট ২০২৬' অনুষ্ঠানত অসমক প্রতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছে।
বৰ্ণ লেবছৰ অদ্বিতীয় উদ্ভাৱন তথা অসমীয়া ভাষাৰ বিশ্বৰ প্ৰথম স্পীচ-টু-টেক্সট এপ্লিকেশ্যন 'আখৰ এ আই' ৰাষ্ট্ৰীয় পৰ্যায়ত প্রদর্শিত হৈছে। মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰীত এই সন্মিলনৰ শুভাৰম্ভ কৰে। ভাৰতৰ লগতে বিশ্বৰ প্ৰায় দহখন দেশৰ প্ৰসিদ্ধ এ আই প্রতিষ্ঠানসমূহে এই সন্মিলনত অংশগ্ৰহণ কৰি নিজৰ কৃত্রিম বুদ্ধিমত্তাসম্পন্ন উদ্ভাৱন প্ৰদৰ্শন কৰিছে। সৰ্বমুঠ তিনিশতকৈও অধিক পেভিলিয়নত ভাৰতকে ধৰি বিশ্বৰ প্ৰসিদ্ধ ষ্টার্টআপ, কোম্পানী আৰু চৰকাৰী বিভাগসমূহে নিজৰ প্রযুক্তি আৰু প্ৰডাক্ট প্ৰদৰ্শন কৰিছে।
অসমীয়া ভাষাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য স্থানীয় ভাষাসমূহৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধিৰ বাবে 'আখৰ এ আই'-এ গ্রহণ কৰা প্ৰচেষ্টাই এই সন্মিলনত দৰ্শকৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে। এই অনুষ্ঠানত বিশ্বপ্রসিদ্ধ ব্যক্তি চেম অল্টমেন, দাৰিও আমোদেই, সুন্দৰ পিছাই, বিল গেটছ, ডেমিছ হাছাবিছ, মুকেশ আম্বানি আদিৰ দৰে প্ৰতিষ্ঠিত উদ্যোগপতি তথা বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰ লগতে ভাৰত চৰকাৰৰ মন্ত্ৰীসকলেও ইয়াত বক্তৃতা আগবঢ়াব। এই গুৰুত্বপূর্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি 'আখৰ এ আই'-এ অসমীয়া ভাষা-কেন্দ্রিক এ আই প্রযুক্তিক বিশ্বৰ দৰবাৰলৈ উপস্থাপন কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ গ্রহণ কৰিছে। বেছিভাগ উন্নত প্রযুক্তি কেৱল ইংৰাজী বা কেইটামান নির্বাচিত বিশ্বজনীন ভাষাৰ মাজত সীমাবদ্ধ। 'আখৰ এ আই'ৰ দৰে পদক্ষেপে প্ৰমাণ কৰিছে যে অসমীয়াৰ দৰে পুৰণি আৰু সমৃদ্ধ আঞ্চলিক ভাষাও অত্যাধুনিক এ আইৰ সৈতে খোজ মিলাবলৈ সক্ষম হৈছে। ই ৰাজ্যৰ প্ৰত্যেক স্তৰৰ লোককে তেওঁলোকৰ নিজৰ ভাষাতে এ আই প্রযুক্তি ব্যৱহাৰ কৰাৰ বাট মুকলি কৰিছে।
নিজৰ ভাষাত ভইচ টাইপিং বা সৃজনশীল লিখনিৰ সুবিধা পালে অসমৰ ছাত্ৰ-ছাত্ৰী আৰু ক্ষুদ্র উদ্যোগীসকলৰ কৰ্মকুশলতা বৃদ্ধি পাব বুলি আশাবাদী আখৰ এ আইৰ সৃষ্টিকর্তা তথা বর্ণ লেবছ প্রাইভেট লিমিটেডৰ স্বত্বাধিকাৰী কাব্যনীল তালুকদাৰ আৰু ইন্দ্ৰনীল তালুকদাৰ। আশা কৰা হৈছে অনাগত সময়ত আখৰ এ আই-এ মাতৃভাষাত উপলব্ধ জ্ঞানৰ আধাৰত নতুন নতুন সৃষ্টিশীল কৰ্মৰ বাট মুকলি কৰিব।