মালিত আল-কায়দাৰ চৰকাৰ! পশ্চিম আফ্রিকাত সন্ত্রাসবাদী সংগঠনৰ আধিপত্য

dainik janambhumi November 01, 2025

ডিজিটেল ডেস্ক : পশ্চিম আফ্ৰিকাৰ দেশ মালিত সম্প্রতি চলি আছে মাৰাত্মক গৃহযুদ্ধ। পৃথক পৃথক সন্ত্রাসবাদী ঘটনাত জানুৱাৰী আৰু ফেব্ৰুৱাৰীত দেশখনত দুই সহস্রাধিক লোকৰ মৃত্যু হৈছে। মালিৰ ৰাজধানী বমাকো আল-কায়দাৰ সৈতে জড়িত সন্ত্রাসবাদী সংগঠন জামাত নুচৰত-উল-ইছলাম বল-মুছমীনৰ (জে এন আই এম) ঘেৰাও কৰি ৰাখিছে। ৱাল ষ্ট্ৰীট জার্নালৰ এখন প্ৰতিবেদনত পাশ্চাত্য আৰু আফ্রিকাৰ বিষয়াসকলে চাঞ্চল্যকৰ সম্ভাৱনাৰ কথা প্রকাশ কৰিছে। উক্ত বিষয়াসকলে কয় যে এই বিপজ্জনক স্থিতিৰ মাজত মালি সন্ত্রাসবাদীৰ দ্বাৰা পৰিচালিত বিশ্বৰ প্ৰথমখন দেশ হোৱাৰ সম্ভাৱনা আছে। 

প্রতিবেদন অনুসৰি আফগানিস্তানৰ ক্ষমতা তালিবানে দখল কৰাৰ পাছত মালিত আল-কায়দাৰ সৈতে সম্পর্ক থকা উক্ত সংগঠনটোৰ প্ৰভাৱ বৃদ্ধি পায়। যদি বমাকোত চৰকাৰৰ পতন হয়, তেন্তে প্ৰথমবাৰৰ বাবে বিশ্বত আল-কায়দাৰ সৈতে প্রত্যক্ষভাৱে সম্পর্ক থকা কোনো সংগঠনে কোনো দেশৰ ৰাজধানী নিয়ন্ত্ৰণ কৰাৰ ঘটনা ঘটিব। 

যোৱা কেইবাসপ্তাহ জে এন আই এমে মালীৰ ৰাজধানী ঘেৰাও কৰি ৰাখিছে। খাদ্য আৰু দৈনন্দিন প্রয়োজনীয় অত্যাৱশ্যকীয় সামগ্রীকে ধৰি উক্ত সন্ত্রাসবাদী সংগঠনটোৱে ইন্ধনৰ যোগানো বন্ধ কৰি দিছে। ইয়াৰ ফলত মালিত খাদ্য সামগ্ৰীৰ অভাৱ ঘটিছে তথা সেনাৰ অভিযানতো প্ৰভাৱ পৰিছে।

Share This