বিশ্বৰ ভিতৰতে প্ৰথম 'এ আই' মন্ত্রী নিযুক্তি দিলে আলবেনিয়াই

dainik janambhumi September 14, 2025

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তা (এ আই) এতিয়া প্রতিটো ক্ষেত্ৰতে ব্যৱহাৰ হৈ আছে। কিন্তু এতিয়া এ আইৰ প্ৰৱেশ ঘটিছে চৰকাৰ আৰু ৰাজনীতিত। দক্ষিণ ইউৰোপীয় দেশ আলবেনিয়াই দুর্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ দেশখনৰ চৰকাৰত 'এ আই মন্ত্রী' নিযুক্তি দিছে। ভার্চুৱেল মন্ত্রী নিযুক্তি দিয়া আলবেনিয়া বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। 

এই 'এ আই মন্ত্ৰী গৰাকীৰ নাম ৰখা হৈছে 'ডিয়েলা', যাৰ অৰ্থ হৈছে 'সূর্য'। দেশখনৰ প্ৰধানমন্ত্ৰী এ ডি ৰামাই কয় যে ডিয়েলা তেওঁৰ কেবিনেটৰ এনে এগৰাকী সদস্য হ'ব, যিগৰাকীক শাৰীৰিক ৰূপত দেখা পোৱা নাযাব। এ আই মন্ত্ৰীগৰাকী ভার্চুৱেল আকাৰত দৃশ্যমান হ'ব। 

এ আই-সৃষ্ট এই মন্ত্ৰীগৰাকীয়ে দেশখনক ১০০ শতাংশ দুর্নীতিমুক্ত কৰাত চৰকাৰখনক সহায় কৰিব। এই পদক্ষেপৰ জৰিয়তে চৰকাৰখনে সম্পূৰ্ণ দক্ষতাৰে কাম কৰিব বুলি প্রধানমন্ত্রীজনে কয়। আলবেনিয়াৰ নেশ্যনেল এজেন্সি ফ'ৰ ইনফৰমেশ্যন ছ'চাইটিৰ ৱেবছাইটত থকা অনুসৰি, এ আই মন্ত্ৰী ডিয়েলাই নিজৰ দায়িত্ব সম্পাদন কৰিবলৈ শেহতীয়া এ আই আৰ্হি আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব।

Share This